'ককায়েক ছানী দেউলৰ পৰা শিক্ষা লওক ববী দেউলে'


 

MX Playerনামৰ এপটোৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় ৱেব চিৰিজ আশ্ৰম ৩ৰ দৃশ্যগ্ৰহণত বাধাৰ সৃষ্টি কৰিছে বজৰং দলে। মধ্যপ্ৰদেশৰ ভূপালত আশ্ৰমৰ তৃতীয় সংস্কৰণৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে বজৰং দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত হৈ শ্বুটিঙৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগৰে আশ্ৰমৰ নিৰ্মাতা প্ৰকাশ ঝাৰ গাত চিয়াহী নিক্ষেপ কৰে।


বজৰং দলৰ সদস্য সকলে আশ্ৰমৰ মুখ্য চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা ববী দেউলকো বিচাৰি চলাথ কৰে। অৱশ্যে ববী দেউল সেইসময়ত দৃশ্যগ্ৰহণ স্থলীত আছিল যদিও তেওঁক সহকৰ্মী সকলে গোপনে নিৰাপদ স্থলীলৈ লৈ যাবলৈ সক্ষম হয়। বজৰং দলৰ কৰ্মকৰ্তা সকলে ববী দেউলক ককায়েক চানী দেউলৰ পৰা শিক্ষা লোৱাৰ বাবে সকীয়নি দিয়ে।

বজৰং দলৰ কৰ্মকৰ্তা সকলে ববী দেউলক সমালোচনা কৰি কয়, চানী দেউলে দেশপ্ৰেমমূলক ছবিত অভিনয় কৰি সকলোৰে সমাদৰ লাভ কৰাৰ বিপৰীতে ববী দেউলে এনে ছবিত অভিনয় কৰাটো লজ্জাজনক। আনহাতে কোনো কাৰণতে আশ্ৰমৰ তৃতীয় সংস্কৰণ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলিও বজৰং দলৰ সদস্যসকলে হুংকাৰ দিয়ে।

বজৰং দলৰ সদস্যসকলৰ অভিযোগ, আশ্ৰম নামৰ ৱেব চিৰিজ খনত হিন্দু ধৰ্মক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে।  অৱশ্যে ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে এই ঘটনাৰ পিছত নিৰ্মাতা প্ৰকাশ ঝাই কয় আশ্ৰম ৩ৰ শ্বুটিং পুনৰ চলিব আৰু শীঘ্ৰেই দৰ্শকে আশ্ৰমৰ তৃতীয় সংস্কৰণ উপভোগ কৰিব পাৰিব। উল্লেখযোগ্য যে, ববী দেউল অভিনীত আশ্ৰমৰ দুয়োটা সংস্কৰণেই অ'টিটি প্লেটফৰ্মত চুপাৰহিট হৈছে।

Post a Comment

Previous Post Next Post