হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দক্ষিণৰ ছুপাৰষ্টাৰ পুনিথ ৰাজকুমাৰে



ভাৰতীয় ছবি জগতৰ বাবে আহিছে এটি বেয়া খবৰ। কানাড়া ছবিৰ তাৰকা অভিনেতা পুণিথ ৰাজকুমাৰৰ দেহাৱসান। হৃদজনিত ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যুক সাৱটি লয় অভিনেতাজনে। মৃত্যুৰ সময়ত  অভিনেতাজনৰ বয়স হৈছিল মাত্ৰ ৪৬ বছৰ।


শুকুৰবাৰে পুৱা  হঠাত্‍ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত অভিনেতাজনক বেংগালুৰুৰ বিক্ৰম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু স্বাস্থ্য ক্ৰমান্বৰে অৱনমিত হোৱাত অৱশেষত মৃত্যুক সাৱটি লয় কানাড়া ছবিৰ অভিনেতাজনে। মৃত্যু সময়ত অভিনেতা ৰাজকুমাৰে পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে।

অভিনেতাজনৰ মৃত্যুৰ খবৰ প্ৰথমে ক্ৰিকেটাৰ ভেংকটেশ প্ৰসাদে টুইটাৰ যোগে জনায়। প্ৰায় ২৯ বছৰ যদি কানাড়া ছবিৰ সৈতে জড়িত পুণিথে প্ৰথমে এগৰাকী শিশু শিল্পী হিচাপে কাম কৰিছিল। অভি, বীৰা কত্ৰাডিগা, ৰাম, অজয়, অৰাসু, হুডুগাৰু আজি বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল অভিনেতাজনে। পুণিথ ৰাজকুমাৰৰ মৃত্যুত এতিয়া দেশজুৰি শোকৰ ছাঁ পৰিছে।

Post a Comment

Previous Post Next Post