অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব কৰ্মচাৰীয়ে! কোভিড যুদ্ধালৈ সাহায্য


 

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ শেষত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে।


  •  শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ কঢ়িয়ালে আজিৰ কেবিনেট বৈঠকে ৷ শিক্ষক-কৰ্মচাৰীয়ে অৱসৰগ্ৰহণৰ পিছদিনাই পেঞ্চন পোৱাৰ ব্যৱস্থা কৰা হ'ব। অৱসৰ গ্ৰহণৰ পূৰ্বে কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব ৷ আজিৰ কেবিনেটে এই ব্যৱস্থাত অনুমোদন দিছে ৷ পোনপটীয়াকৈ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷ ইয়াৰ বাবে এমট্ৰনে প্ৰতি জিলাত পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিব।

  • পেঞ্চনাৰসকলে এক লাখৰ পৰা তিনি লাখলৈ withdrawal কৰাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ বাবে চাৰিজন অতিৰিক্ত সঞ্চালক নিযুক্তি দিয়া হ'ব ৷ পূৰ্বে পেঞ্চনাৰসকল জীৱিত হয়নে নহয় প্ৰতিবছৰে বেংকলৈ গৈ প্ৰমাণপত্ৰ দিব লাগিছিল ৷ এতিয়াৰে পৰা পেঞ্চনাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব এই কাম ৷

  • ধান ক্ৰয় কৰাৰ বাবে কেবিনেটে ১৬০ কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত।

  • লাভলীনা বৰগোহাঁইক DSP (প্ৰবেশ্বনাৰ) পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন ৷

  • Dy Rangerসকলক ড্ৰেছ দিয়াৰ সিদ্ধান্ত ৷  ফৰেষ্ট গাৰ্ডৰ পৰা ডেপুটি ৰেঞ্জাৰ লৈ পোছাক দিয়াৰ সিদ্ধান্ত।

  • এতিয়ালৈকে ৰাজ্যত দুই কোটি কোভিড ভেকচিন দিয়া হৈছে ৷ কোৰোণাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰছ সকলক দুই হাজাৰকৈ উদঙনি টকা দিয়াৰ সিদ্ধান্ত ৷ অংগনবাড়ী কৰ্মচাৰীসকলোকো ৫০০ টকাকৈ দিয়া হ'ব ৷

Post a Comment

Previous Post Next Post