যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগৰ ঘটনা


 

ভাৰতত প্ৰাপ্তবয়স্ক-যুৱসমাজৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ হাৰ বৃদ্ধি পোৱা ঘটনাই অশনি সংকেট কঢ়িয়াইছে । ভাৰতত হৃদৰোগত হোৱা মৃত্যুৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাত এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰাৰ লগতে জনসাধাৰণক ইয়াৰ বিষয়ে অৱগত কৰা তথা কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ।


ষ্ট্ৰোক আৰু হৃদৰোগৰ ফলত হোৱা মুঠ মৃত্যুৰ এক-পঞ্চমাংশ ঘটনা ভাৰতত হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইয়াৰে বহু লোক হৈছে কম বয়সীয়া প্ৰাপ্তবয়স্ক লোকসকল ।

" কাৰ্ডিওভাস্কুলাৰ ৰোগে ভাৰতীয়সকলক বিশেষভাবে প্ৰভাৱিত কৰি আহিছে । ভাৰতত প্ৰতি বছৰে প্ৰায় ৩০ লাখ লোক ষ্ট্ৰোক আৰু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে হৃদৰোগত আক্ৰান্ত হোৱা লোকসকলৰ ৪০ শতাংশৰ বয়স ৫৫ বছৰৰ তলৰ । ", পঞ্চকুলাৰ পৰাস চিকিৎসালয়ৰ কাৰ্ডিয়াক চায়েন্সৰ অধ্যক্ষ ডাঃ হৰিন্দৰ কে বালিয়ে এনেদৰ কয়।

যোৱা ২৬ বছৰত ভাৰতত হৃদৰোগত হোৱা মৃত্যুৰ ঘটনা ৩৪ শতাংশ বৃদ্ধি পাইছে । এই গুৰুতৰ বিষয়টোৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰা তথা দেশত কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ  সময় আহি পৰিছে বুলি চিকিৎসকগৰাকীয়ে কয় ।

হৃদৰোগৰ মূল কাৰকবোৰ কি ?
হৃদৰোগৰ আশঙ্কা বৃদ্ধি কৰা কাৰকবোৰৰ বিষয়ে অৱগত হ'লে মানুহে এই সন্দৰ্ভত সজাগ হব পাৰে আৰু হঠাতে কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ পৰা নিজকে দূৰত ৰাখিব পাৰে ।

Post a Comment

Previous Post Next Post