দেশত কোৰোণাৰ সংক্ৰমণৰ ঘটনাৰ হ্ৰাস–বৃদ্ধি অব্যাহত আছে। শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ১৪ হাজাৰ ৩৪৮জন লোক আক্ৰান্ত হৈছে কোভিড–১৯ত। আনহাতে, মৃত্যু হৈছে ৮০৫জন লোকৰ। এই দিনটোত ১৩ হাজাৰ ১৯৮জন লোক সুস্থ হৈ উঠিছে।
মন্ত্ৰণালয়ে কয় যে দেশত বৰ্তমান ১ লাখ ৬১ হাজাৰ ৩৩৪জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিগত ২৪ ঘণ্টাত মৃত্যু হোৱাসকলৰ ভিতৰত ৭০৮জনেই কেৰালাৰ।
এতিয়ালৈ দেশত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ৪ লাখ ৫৭ হাজাৰ ১৯১জন লোকৰ মৃত্যু হৈছে। সুস্থ হৈ উঠিছে ৩ কোটি ৩৬ লাখ ২৭ হাজাৰ ৬৩২জন। দেশত এতিয়ালৈ ৩ কোটি ৪২ লাখ ৪৬ হাজাৰ ১৫৭জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত। আনহাতে, দেশত এতিয়ালৈ ১ আৰব ৪ কোটি ৮২ লাখ ৬৬ পালি ভেকচিন প্ৰদান কৰা হৈছে।