কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে দিপাৱলী হ’ব ধামাকা


 

7th pay commission: চৰকাৰী কৰ্মচাৰীৰ কাৰণে এই বছৰ 2021ৰ দিপাৱলী ধামাকা হ’বলৈ গৈ আছে। কেন্দ্ৰ চৰকাৰে দিপাৱলী বোনাচৰ সৈতে ৩১ শতাংশ মৰগীয়া ভাট্টা (Dearness allowance - DA) প্ৰদান কৰিব। এয়া ১ জুলাই, ২০২১ৰ পৰা বলৱৎ হৈছে অৰ্থাৎ কৰ্মচাৰীসকলে ৩ মাহৰ DA লাভ কৰিব।


কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দিপাৱলী বোনাচৰ সৈতে ৩১ শতাংশ DA আৰু ৩ মাহৰ DA এৰিয়াৰ অক্টোবৰ মাহৰ দৰমহাৰ সৈতে লাভ কৰিব। এইবাৰ দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বাম্পাৰ দৰমহা লাভ কৰিব।
মঙলবাৰে বিত্ত মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ মৰগীয়া ভাট্টা (Dearness Allowance – DA) ১ জুলাইৰ ২৮ শতাংশৰ পৰা বঢ়াই ৩১ শতাংশ কৰিছিল। অৰ্থাৎ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৩১ শতাংশ DAৰ সৈতে ৩১ শতাংশ এৰিয়াৰো দৰমহাৰ সৈতে পাব।

Post a Comment

Previous Post Next Post