হৃদৰোগৰ প্ৰভাৱ বাৰুকৈয়ে বাঢ়িছে। ছবি জগতৰ সৈতে জড়িত এজনৰ পিছত আনজন কম বয়সীয়া লোকৰৰ হৃদৰোগত মৃত্যুই সেয়া প্ৰমাণ কৰিছে (Puneeth Rajkumar to Sidharth Shukla | Cardiac Arrest)। শুকুৰবাৰে বেংগালুৰুত হাৰ্ট এটেকত মৃত্যু হয় জনপ্ৰিয় তাৰকা পুনীত ৰাজৰুমাৰৰ (Puneeth Rajkumar to Sidharth Shukla | Cardiac Arrest)। মৃত্যুৰ সময়ত পুনীতৰ বয়স হৈছিল মাত্কাৰ ৪৬ বছৰ। পুনীতৰ মৃত্যুৰ মাত্ৰ কেইদিনমান পূৰ্বে মৃত্যু হৈছিল বলীউডৰ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ। সিদ্ধার্থ শুক্লাৰো হৃদৰোগতেই মৃত্যু হৈছিল (Puneeth Rajkumar to Sidharth Shukla | Cardiac Arrest)।
আৰতি আগৰৱাল (Aarthi Agarwal)-- পাগলপন ছবিত বলিউডত অভিষেক ঘটিছিল অভিনেত্রী আৰতি আগৱালৰ। ২০১৫ চনৰ ৬ জুনত মাত্র ৩১ বছৰ বয়সত হৃদৰোগত আক্রান্ত হৈ ইহ সংসাৰ ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।ইন্দৰ কুমাৰ (Inder Kumar)-- খিলাড়ীও কা খিলাড়ী, অগ্নিপথ, তুমকো না ভুল পায়েংগে আদিৰ দৰে চিনেমাত অভিনয় কৰিছিল ইন্দৰ কুমাৰে। ২০১৭ চনৰ ২৮ জুলাইত মাত্র ৪৪ বছৰ বয়সতে হৃদৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল ইন্দৰ কুমাৰৰ।ৰাজ কৌশল (Raj Kaushal)-- ২০২১ চনৰ ৩০ জুনত আকস্মিকভাৱেই সকলোকে এৰি যায় বলীউডৰ পৰিচালক-প্রযোজক তথা মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫০ বছৰ। হৃদৰোগৰ কাৰণেই হৈছিল মৃত্যু।
অমিত মিস্ত্রী (Amit Mistry)-- টেলিভিছন, থিয়েটাৰ, ৱেব ছিৰিজ আৰু চিনেমা, সকলো ক্ষেত্ৰতে দুৰ্দান্ত অভিনয়েৰে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল অমিত মিস্ত্রী। এই বছৰৰ আৰম্ভণিতেই মাত্র ৪৭ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ প্রয়াত হয় অমিত।
সিদ্ধার্থ শুক্লা (Sidharth Shukla)-- অভিনয় জীবনৰ একেবাৰে শিখৰত আৰোহণ কৰাৰ সময়তে মাত্র ৪০ বছৰ বয়সতে সকলোকে কন্দুৱাই গুচি গটল সিদ্ধার্থ শুক্লা। হৃদৰোগত আক্রান্ত হৈ যোৱা ২ ছেপ্টেম্বৰত মৃত্যুক আঁকোৱালি লৈছিল সিদ্ধার্থই।
পুনীত ৰাজকুমাৰ (Puneeth Rajkumar)-- পুনৰ ছবি জগতত অতি কম বয়সতে হৃদৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে এইজন অভিনেতাই। শুকুৰবাৰে দুপৰীয়া বেংগালুৰুৰ এখন হাস্পতালত হার্ট এটেক হৈ শেষ নিশ্বাস ত্যাগ কৰে কানাড়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ তাৰকা অভিনেতা পুনীত ৰাজকুমাৰে। মৃত্যুৰ সময়ত পুনীতৰ বয়স হৈছিল মাত্র ৪৬ বছৰ।