ভাৰতৰ কোভিড–১৯ ভেকচিনেচন চাৰ্টিফিকেটক এই ৫খন দেশে প্ৰদান কৰিলে স্বীকৃতি


 

ভাৰতৰ কোভিড–১৯ ভেকচিনেচনৰ প্ৰমাণপত্ৰ আৰু ৫খন দেশে প্ৰদান কৰিলে স্বীকৃতি। বিদেশ মন্ত্ৰণালয়ে সোমবাৰে এই তথ্য সদৰি কৰিছে। বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয়, ‘‘এষ্টোনিয়া, কিৰ্গিস্তান, পেলেষ্টাইন, মৰিছাছ আৰু মংগোলীয়াসহ আৰু পাঁচখন দেশে ভাৰতৰ টিকাকৰণ প্ৰমাণপত্ৰক স্বীকৃতি প্ৰদান কৰিছে।’’


এই খবৰ এনেকুৱা সময়ত আহিছে যেতিয়া কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়াৰ ঔষধী আৰু চিকিৎসা উপকৰণৰ নিয়ামকে ভাৰতৰ কোভিড–১৯ প্ৰতিৰোধী ভেকচিনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। ভাৰত বায়’টেকৰ কোভাক্সিন আৰু এষ্ট্ৰাজেনেকা–অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কোৱিশ্বীল্ড ভাৰতত ব্যাপক হাৰত ব্যৱহাৰ কৰা দুটা প্ৰতিষেধক। অষ্ট্ৰেলিয়াই কোভিশ্বীল্ডক পূৰ্বেই স্বীকৃতি প্ৰদান কৰিছে।
অষ্ট্ৰেলিয়া আৰু পাঁচ অন্য দেশৰ উপৰি বিশ্বৰ ৩০ৰো অধিক দেশে ভাৰতৰ ভেকচিনেচন চাৰ্টিফিকেটক স্বীকৃতি দিছে। এই দেশসমূহৰ ভিতৰত ফ্ৰান্স, জাৰ্মানী, নেপাল, বেলাৰুছ, লেবনান, আৰ্মেনিয়া, ইউক্ৰেইন, বেলজিয়াম, হাংগেৰী আৰু ছাৰ্বিয়াও আছে। বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে অক্টোবৰত কৈছিল যে যিসমূহ দেশে ভাৰতৰ টিকাকৰণক স্বীকৃতি দিছে, সেই দেশত প্ৰৱেশৰ বাবে ভাৰতীয় লোকে ভেকচিনেচন চাৰ্টিফিকেট দেখুৱাব লাগিব আৰু যোৱাৰ উদ্দেশ্য ক’ব লাগিব।

Post a Comment

Previous Post Next Post