আকৌ বাঢ়িল দাম! ১২১ টকা হ'ল প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম

 


আকৌ দাম বাঢ়িল পেট্ৰ'ল-ডিজেলৰ। শনিবাৰে পুনৰ দাম বৃদ্ধি কৰিলে চৰকাৰী তেল সংস্থাসমূহে। আজিৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৩৫ পইচা দাম বৃদ্ধি পাইছে।  ফলত ৰাজধানী চহৰত পেট্ৰ'লৰ দাম হৈ পৰিল ১০৮.৯৯ টকা। পেট্ৰ'লৰ লগতে ডিজেলতো বাঢ়িল ৩৫ পইচা। ইয়াৰ ফত দিল্লীত ডিজেলৰ দাম হৈ পৰিল ৯৭.৭২ টকা।  দেশৰ বহু চহৰত পেট্ৰ'ল ১২০ টকাত বিক্ৰী হৈ আছে। ৰাজস্থানৰ শ্ৰীগংগানগৰত আজিৰ দিনটোত পেট্ৰ'লৰ দাম ১২১.২৫ টকা। সেইদৰে ডিজেলৰ দাম ১১২.১৫ টকা। মধ্যপ্ৰদেশৰো বেছিভাগ চহৰত পেট্ৰ'লৰ দাম ১২০ টকা হৈছেগৈ।  সেইদৰে গুৱাহাটীত আজিৰ দিনটোত প্ৰতিলিটাৰ  পেট্ৰ'লৰ দাম হৈছেগৈ ১০৫.৪৭ টকা।

প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় পেট্ৰ'ল-ডিজেলৰ দাম। নতুন ৰেট ধাৰ্য কৰে চৰকাৰী তেল কোম্পানীসমূহে।  পেট্ৰ'ল-ডিজেলৰ দামত এক্সাইজ ডিউটি, ডিলাৰ কমিশ্যন আৰু অন্যান্য চাৰ্জ যুক্ত কৰি প্ৰায় দুগুণ দামত ক্ৰয় কৰিবলগীয়া হয় গ্ৰাহকে।মহানগৰীত পেট্র'ল ও ডিজেলের দাম (Petrol Diesel Price on 30 October 2021) দিল্লী- পেট্র'ল ১০৮.৯৯ টকা, ডিজেল ৯৭.৭২ টকা, মুম্বাই- পেট্র'ল ১১৪.৮১ টকা, ডিজেল ১০৫.৮৬ টকা ,চেন্নাই- পেট্র'ল ১০৫.৭৪ টকা, ডিজেল ১০১.৯২ টকা, কলকাতা- পেট্র'ল ১০৯.৪৬ টকা, ডিজেল ১০০.৮৪ টকা গুৱাহাটী- পেট্র'ল ১০৫.৪৭ টকা, ডিজেল ৯৮.০৩ টকাসাধাৰণতে আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম আৰু ডলাৰৰ তুলনাত টকাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে দেশৰ বজাৰত পেট্ৰ'ল-ডিজেলৰ দাম।

Post a Comment

Previous Post Next Post