পত্নীৰ লগতে বহুজনৰ জীৱন ৰক্ষা কৰি নিজে হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত! আজি বিশ্বনাথ ঘাটত উদ্ধাৰ হ'ল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ



 শনিবাৰে বিশ্বনাথঘাটত উদ্ধাৰ হোৱা মৃতদহটো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হ'ল। মৃতদেহটোৰ লগত পোৱা পান কাৰ্ড, ভোটাৰ আই. ডি কাৰ্ড,  ATM কাৰ্ড উদ্ধাৰ কৰা হৈছে। আৰু তাৰ পিছতে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি নিশ্চিত হৈছে। ইফালে মৃতদেহটোৰ আঙুলিত আছে 'J' আখৰ লিখা আঙুঠি।


উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ দিনা পত্নীক উদ্ধাৰ কৰাৰ লগতে বহুকেইজন যাত্ৰীৰ জীৱন ৰক্ষা কৰিছিল ইন্দ্ৰেশ্বৰ বৰাই। আনকি সেইসময়তো পত্নীক সাহস দি কৈছিল যে, 'মোৰ একো নহয়, চিন্তা নকৰিবা'। কিন্তু আনৰ জীৱন ৰক্ষা কৰি নিজেই হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত। আৰু  তিনিদিনৰ অন্তত বিশ্বনাথ ঘাটত অৱশেষষত উদ্ধাৰ কৰা হয় ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।

উল্লেখ্য যে, কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বনকর্মীসকলে শনিবাৰে পুৱা উদ্ধাৰ কৰিছিল মৃতদেহটো। নদীৰ বালিচৰত লাগি আছিল মৃতদেহটো। উমাইতুমুনি নদীদ্বীপৰ পৰা পূৱ দিশত কিছু নিলগত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ভাছা টাপুত উদ্ধাৰ হৈছিল মৃতদেহটো ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই মৃতদেহটোৰ হাতত ঘড়ী আৰু আঙুলিত আঙুঠি পৰিধান কৰা প্ৰত্যক্ষ কৰিছে বনকৰ্মীসকলে ৷ ইফালে মৃতদেহটো প্ৰথম অৱস্থাত ডা০ বিক্ৰমজিতৰ বুলি সন্দেহ কৰা হৈছিল যদিও পিছত ইন্দ্ৰেশ্বৰ বৰাৰ বুলি নিশ্চিত কৰা হয়। খুড়াকে চিনাক্ত কৰে ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহ।

Post a Comment

Previous Post Next Post