হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰত দেখা দিয়ে এনেবোৰ পৰিৱৰ্তনে! জানি লওক



বৰ্তমান সময়ত বহুসংখ্যক লোক অতি সহজতে হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায়। অনিয়মিত তথা অস্বাস্থ্যকৰ খাদ্য , অনিয়মিত জীৱন যাপনৰ প্ৰণালী আদি বিভিন্ন কাৰণত মানুহে লাহে লাহে এই ৰোগত আক্ৰান্ত হ’বলৈ ধৰে। কিন্তু অলপ চেষ্টা কৰিলেই এই ৰোগৰ পৰা হাত সাৰি থকাৰ লগতে আগতীয়াকৈ সাবধানতা অৱলম্বন কৰিব পৰা যায়। চিকিৎসকসকলৰ মতে হাৰ্ট এটেক অহাৰ আগতে শৰীৰে বিশেষ কিছু আগজাননী দিয়ে।


  • (Abnormal Heartbeat) অসামান্য ৰূপত হোৱা বুকুৰ ধঁপধপনি: যদি কোনো লোকৰ বুকুৰ ধঁপধপনি কিছু দিন ধৰি বেছিকৈ হ’বলৈ ধৰে তেন্তে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ ই হাৰ্ট এটেকৰ পূৰ্বৰ লক্ষণ হ’ব পাৰে।
  • (Chest Pain) বুকু বিষ : বুকুৰ বাঁওফালে বিষ হোৱাটোও হাৰ্ট এটেক হোৱাৰ এক আগতীয়া লক্ষণ। আনহাতে কোনো লোকৰ হাৰ্ট ব্ল’কেজ ( Heart Blockage) হ'লে বা হাৰ্ট এটেক হ'লে বুকুত বিষ হোৱাৰ লগতে বুকু খামুছি ধৰাৰ দৰে হয়। এনে সময়ত অতি সোনকালে চিকিৎসকৰ কাষ চপা দৰকাৰ।

  • (Shoulder Pain) কান্ধৰ বিষ : কান্ধত কোনো আঘাত নোপোৱাকৈয়ে, বিশেষভাৱে বাঁও কান্ধত একেৰাহে বিষ অনুভৱ হৈ থাকিলে ই হাৰ্ট এটেকৰ আগজাননী হ’ব পাৰে।

  • (Sweating Profusely) অত্যাধিক শৰীৰ ঘামিলে: কোনো ব্যায়াম নকৰাকৈ অথবা শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত থকাৰ পাছতো যদি শৰীৰ অত্যাধিক ঘামিবলৈ ধৰে তেন্তে ই হাৰ্ট এটেক হোৱাৰ আগজাননী হ'ব পাৰে।

  • (Persistent Vomiting) একেৰাহে বমি হোৱা: যিকোনো লোকৰে বমি হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কিন্তু  একেৰাহে বমি হোৱাৰ লগতে পেটৰ বিষ হ’লে হৃদৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে সাৱধান হোৱা অতি প্ৰয়োজনীয়।
  • (Breathing Problem) শ্বাস-প্ৰশ্বাসত হোৱা কষ্ট: উশাহ-নিশাহ অথবা শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ হাৰ্ট-এটেক হোৱাৰ ই আটাইতকৈ প্ৰথম লক্ষণ।

  • (Weakness, Cold Feet And Hands) দুৰ্বলতা তথা হাত-ভৰি ঠাণ্ডা পৰি যোৱা: যদি হঠাৎ দুৰ্বলতা অনুভৱ কৰা যায় আৰু হাত ভৰি ঠাণ্ডা পৰে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ দৰকাৰ।

Post a Comment

Previous Post Next Post