'ভয় নকৰিবা, নাৱত এনেকুৱা কেতিয়াবা হয়েই। কিন্তু যেতিয়া নাৱৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিল, তেতিয়া তেওঁ মোক যিকোনো প্ৰকাৰে নাওখনৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰে। নিজে সমুখলৈ গৈ বহুলোকক টানি আজুৰি উদ্ধাৰ কৰিলে। মই সেইসময়ত যাব পৰা নাছিলো, তেতিয়া মোক চিঞৰিছিল- হাত খন দিয়া, হাত খন দিয়া। মই তেওঁৰ হাতত ধৰি ওপৰলৈ উঠি গৈছিলো। তাৰ পিছত মোক হাতত ধৰি ইখন নাৱলৈ নিজেও পাৰ হৈছিল মোক পাৰ কৰাইছিল। তাৰ পিছত মোক কৈছিল, মোৰ বাবে চিন্তা নকৰিবা মোৰ একো নহয়, তুমি এই ফালেদি গৈ থাকা। আমি ইমান দূৰৈত নাই নহয়। মোক উদ্ধাৰ কৰি পিছত নিজেই নাইকীয়া হৈ গ'ল মানুহজন।'- এই ভাষ্য ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা সেনাপতি বৰাৰ।
ইফালে এনে ঘটনাত প্ৰশাসনৰে ভুল বুলি মন্তব্য কৰে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীয়ে। বাৰিষাৰ বতৰতো নাওখনত বিশেষ একো সুবিধা নাই বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে। 'ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় ডেৰ ঘণ্টাৰ পিছত উদ্ধাৰকাৰী দল আহিছে। নাৱত বহু লোক আছিল। তেওঁৰ হাতত ধৰি বহুকেইজন পাৰলৈ উঠিছিল।'- এনেদৰেও কয় ইন্দ্ৰেশ্বৰ বৰাৰ দুৰ্ভগীয়া পত্নীয়ে।
উল্লেখ্য যে, শনিবাৰে বিশ্বনাথঘাটত উদ্ধাৰ হোৱা মৃতদহটো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হ'ল। মৃতদেহটোৰ লগত পোৱা পান কাৰ্ড, ভোটাৰ আই. ডি কাৰ্ড, ATM কাৰ্ড উদ্ধাৰ কৰা হৈছে। আৰু তাৰ পিছতে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি নিশ্চিত হৈছে। ইফালে মৃতদেহটোৰ আঙুলিত আছে 'J' আখৰ লিখা আঙুঠি।
