আজি পৱিত্ৰ গণেশ চতুৰ্থী ! নাম-প্ৰসংগ, পূজা-অৰ্চনাৰে উখল-মাখল আজ্ঞাঠুৰীৰ গণেশ মন্দিৰ


 

আজি পৱিত্ৰ গণেশ চতুৰ্থী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গণেশ চতুৰ্থী। সমান্তৰালভাৱে অসমতো পালন কৰা হৈছে গণেশ চতুৰ্থী।গণেশৰ মন্ত্ৰোচ্চাৰনেৰে মুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰ। পুৱাৰে পৰা ৰাজ্যৰ গণেশ মন্দিৰ সমূহত দেখা পোৱা গ'ল ভক্তৰ লানি নিচিগা ভিৰ। বিঘ্নেশ্বৰ দেৱতাৰ বিশ্বজুৰি চলিছে পূজা অৰ্চনা  । গণেশ পূজাৰ পিছতে হিন্দু ধৰ্মলম্বী লোকৰ আন আন পূজা আৰম্ভ হয় । গনেশ দেৱতাৰ মন্ত্ৰোচ্চাৰনেৰে মুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গনেশ মন্দিৰ ।


এই দৃশ্য কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ ঐতিহাসিক গনেশ মন্দিৰৰ। নিজৰ লগতে ৰাইজৰ মঙ্গল কামনাৰ্থে পুৱাৰে পৰা এই ঐতিহাসিক গণেশ মন্দিৰতো দেখিবলৈ পোৱা গ'ল বহু বহু দূৰ দূৰণিৰ অলেখ সংখ্যক ভক্তৰ সমাগম। পুৱাই ধূপ দ্বীপ নৈবেদ্যৰে প্ৰভু গণেশক প্ৰাৰ্থনা ভক্তগণৰ । দেশৰ অসুয়া অশান্তি ,মাৰি মৰক আঁতৰি শান্তিৰ ঢল বোৱাৰ কামনাৰে ভক্তসকল শৰণাগত হৈছে প্ৰভুৰ ওচৰত ।প্ৰভুৰ কপালত সেন্দুৰ সানি কাকুতি মিনতি ভক্ত দৰ্শনাৰ্থীৰ । মন্দিৰ পৰিচালনা সমিতিয়ে ভক্ত সকলক আদৰাৰ বাবে বিধে বিধে কৰিছে আয়োজন । নাম প্ৰসঙ্গ ,ধৰ্মীয় লোকাচাৰে ঐতিহাসিক আজ্ঞাঠুৰীক দিলে অনন্যমাত্ৰা  ।

Post a Comment

Previous Post Next Post