আয়কৰ বিভাগে বৃদ্ধি কৰিছে অন্তিম সময়সীমা



চৰকাৰে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। আয়কৰ পৰ্টেলত বিজুতিৰ বাবে, ইতিমধ্যে অনুমান কৰা হৈছিল যে ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিব পাৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে বৃহস্পতিবাৰে ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।


বিত্ত মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয়, "মূল্যায়ন বৰ্ষ ২০২১-২০২২ৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ৩১ জুলাইৰ আগতে। ইয়াক আগতে ৩০ ছেপ্টেম্বৰলৈ সম্প্ৰসাৰিত কৰা হৈছিল। এতিয়া ইয়াক পুনৰ এবাৰ ৩১ ডিচেম্বৰ ২০২১ লৈ সম্প্ৰসাৰিত কৰা হৈছে।"

Post a Comment

Previous Post Next Post