কোটি কোটি টকা সোমাল কৃষকৰ একাউণ্টত!


 

এক, দুই নহয়। একেবাৰে ৫২ কোটি টকা। কেনেকৈ আহিল একাউণ্টলৈ! টকাৰ পৰিমাণ শুনাৰ পিছত প্ৰথমে মনে মনে আছিল বৃদ্ধগৰাকী। দুখীয়া কৃষকগৰাকীৰ বাবে এই ধন আছিল কল্পনাৰো অতীত। বিভিন্ন সময়ত ভুলকৈ একাউণ্টত টকা সোমোৱা ঘটনা ঘটি থাকে। সেই বুলিয়েই ৫২ কোটি টকা! কিন্তু আশ্বৰ্যকৰ বিষয়টো হ'ল যে, এই পৰিমাণৰ ধন সোমাইছে বিহাৰৰ মুজাফৰপুৰ নগৰৰ এজন বৃদ্ধৰ পেনশ্যন একাউণ্টত। 

বিহাৰৰ বাসিন্দা এই ব্যক্তিজনৰ নাম ৰাম বাহাদুৰ শ্বাহ। বিহাৰৰ কাটৰা থানা এলেকাৰ বাসিন্দা। সম্প্ৰতি এই বৃদ্ধ কৃষকজনে নিজৰ পেনশ্যন একাউণ্টত কিমান টকা আছে, জানিবলৈ বেলেন্স চেক কৰে। আৰু তাৰ পিছতে চকু কঁপালত উঠে।বৃদ্ধ জনে জানিব পাৰে যে, তেওঁৰ একাউণ্টত ৫২ কোটি টকা জমা হৈ আছে। ৰাম বাহাদুৰৰ একাউণ্টত থকা টকাৰ পৰিমাণ দেখি চকু কঁপালত উঠে বিষয়াগৰাকীয়ে।ৰাম বাহাদুৰে জনাই যে, তেওঁ পেনশ্যনপ্ৰাপ্ত এজন কৃষক। এতিয়া কৃষকজনৰ পুত্ৰ সুজিত কুমাৰে চৰকাৰক অনুৰোধ জনাইছে যে, একাউণ্টত সোমোৱা ৫২ কোটি টকাৰ পৰা যাতে কিছু টকা অন্তত তেওঁক দিয়া হয়।বিহাৰত এই ঘটনা এইবাৰেই প্ৰথম নহয়!

Post a Comment

Previous Post Next Post