শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ জামিন মঞ্জুৰ ! আদালতে ৫০,০০০ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰিলে ৰাজৰ...



বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty)ৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰাক (Raj Kundra) মুম্বাইৰ এখন আদালতে পৰ্ণগ্ৰাফীৰ গোচৰত জামিন প্ৰদান কৰিছে। ৰাজ কুন্দ্ৰা যোৱা দুমাহ ধৰি কাৰাগাৰত আছে। Porn চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত তেওঁক এই বছৰৰ ১৯ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল।

সংবাদ সংস্থা ANIৰ মতে, মুম্বাইৰ এখন আদালতে পৰ্ণগ্ৰাফীৰ গোচৰত ৫০,০০০ টকাৰ বণ্ডত কুন্দ্ৰাক জামিন প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে, মুম্বাই আৰক্ষীয়ে পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল। ১৫০০ পৃষ্ঠাৰ অভিযোগপত্ৰখনত ৪৩ জন সাক্ষীৰ নাম উল্লেখ কৰা হৈছে। গোচৰটোৰ ওপৰত শিল্পাৰ বক্তব্য পোহৰলৈ আহিছিল যিটো তেওঁ আৰক্ষীক দিছিল।

মুম্বাই আৰক্ষীয়ে তথ্য ভাগ বতৰা কৰিছিল যে চাৰ্ট শ্বীটত ৪৩ জন সাক্ষীৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে। ৪৩ জন সাক্ষীৰ ভিতৰত ৰাজ কুন্দ্ৰাৰ পত্নী আৰু অভিনেত্ৰী শিল্পা চেট্টী আৰু শ্বাৰলীন চোপ্ৰা আছে। শিল্পা চেট্টীয়ে মুম্বাই আৰক্ষীক কৈছিল যে তেওঁ তেওঁৰ কামত খুব ব্যস্ত আছিল, ৰাজ কুন্দ্ৰাই কি কৰি আছে নাজানে।

Post a Comment

Previous Post Next Post