তাৰকা হকী খেলুৱৈ লালৰেমচিয়ামীৰ মহানুভৱতা

 


ভাৰতীয় মহিলা হকী দলৰ তাৰকা খেলুৱৈ হ'ল মিজোৰামৰ জীয়ৰী লালৰেমচিয়ামী।  মিজোৰামৰ কলছিৱৰ জীয়ৰী অলিম্পিয়ান হকী খেলুৱৈগৰাকীৰ মহানুভৱতাই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে ৰাজ্যখনত।


চলিত বর্ষৰ আগষ্ট মাহৰ ৮ তাৰিখে জাপানৰ ৰাজধানী চহৰ টকিঅ'ত সামৰণি পৰা ৩২সংখ্যক অলিম্পিক গেমছৰ ভাৰতীয় মহিলা দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ আছিল লালৰেমচিয়ামী। যথেষ্ট প্ৰতিভাৱান তথা উত্তৰ–পূবৰ সকলোৰে বাবে আদৰ্শ লালৰেমচিয়ামীয়ে মিজোৰামত সম্প্ৰতি বাহৰ পাতি থকা ম্যানমাৰৰ শৰণাৰ্থীক সহায়ৰ বাবে নগদ ২০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰে।


অতি কম সময়তে হকী খেলৰ জৰিয়তে লালৰেমচিয়ামীয়ে নিজে আৰু লগতে মিজোৰাম ৰাজ্যৰ নাম বিশ্ববাসীৰ সন্মুখত উজলাই তুলিছিল। উল্লেখযোগ্য যে লালৰেমচিয়ামীয়ে অলিম্পিক গেমছৰ উপৰি মহিলা বিশ্বকাপ আৰু এছিয়ান গেমছতো অংশ লৈছিল। সেইগৰাকী খেলুৱৈয়ে মিজোৰামত বাহৰ পতা ম্যানমাৰৰ শৰণাৰ্থীৰ কাষত থিয় দিয়াত শৰণাৰ্থীসকলে নিজকে সাহসী অনুভৱ কৰিছে।

Post a Comment

Previous Post Next Post