নিমাতীঘাটৰ নাও দুৰ্ঘটনাত এই পৰ্যন্ত এজনৰ মৃতদ্হ উদ্ধাৰ কৰা হৈছে। কিন্তু মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা এতিয়াও নুই কৰা নাই সংশ্লিষ্ট বিভাগে। বিৰতিহীনভাৱে উদ্ধাৰ অভিযান চলি আছে নিমাতীঘাটত। বিভাগীয় সূত্ৰমতে এই পৰ্যন্ত ৩ জনৰ মৃত্যুৰ আশংকা কৰা হৈছে। যদিও এতিয়ালৈ মৃতদেহ উদ্ধাৰ হোৱা নাই আৰু আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰা হোৱা নাই । এতিয়ালৈ সন্ধানহীন হৈ আছে ২ গৰাকী লোক।
বুধবাৰৰ কৰুণ ট্ৰেজেডীয়ে সকলোৰে অন্তৰ চিৰা-চিৰ কৰি পেলাইছে। সমগ্ৰ ৰাজ্য ক্ষোভত ফাটি পৰিছে। মানুহৰ জীৱনক লৈ হেতালি খেলা এই বিভাগটোৰ বিৰুদ্ধে সকলো লোক খঙত জ্ৱলি-পকি আছে। প্ৰশ্ন হৈছে ইমান এক বিপদজনক কাণ্ড ঘটিব পৰাকৈ কিমান অকৰ্মণ্য আৰু বেপৰোৱা হ'ব পাৰে এটা চৰকাৰী বিভাগ!
আভ্যন্তৰীণ জল পৰিবহণ বিভাগ ৰ কাৰ্য্যবাহী বিষয়া ৰাজ হুছেইন খানে অসম নৰ্থ-ইষ্টক জনোৱা মতে মানুহৰ মৃত্যুৰ সংখ্যা কিমান এই পৰ্যন্ত কোনেও সঠিককৈ ক'ব নোৱাৰে। জল পৰিবহণ বিভাগৰ ভিতৰুৱা তথ্য অনুসৰি এতিয়ালৈ ৩ গৰাকীৰ মৃত্যুৰ আশংকা কৰা হৈছে । উদ্ধাৰ অভিযান চলি আছে আৰু ঘটনাস্থলীত সকলো উচ্চপদস্থ বিষয়াই তদাৰক কৰি আছে।"
আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি ৰাজ হুছেইন খানে কয়, "টিকট কটা, যাত্ৰীৰ সংখ্যাৰ কোনো হিচাপ নাই লেচীৰ হাতত। টিকট কটা-নকটা বিভাগৰ মানুহে চাব লাগিছিল, এয়া বিভাগৰ মাৰাত্মক ভুল।"
কাৰ্য্যবাহী বিষয়া ৰাজ হুছেইন খানে আৰু কয়, "আভ্যন্তৰীণ জল পৰিবহণ বিভাগত বিষযা-কৰ্মচাৰীৰ অভাৱেই হৈছে বিভাগটো ভলদৰে নচলাৰ মূল কাৰণ। "বিষয়া-কৰ্মচাৰীৰ অভাৱৰ বাবে সঠিক কাম কৰিব নোৱাৰে কোনো বিষযাই। এটা বৃহৎ কাৰ্য্যালয়ত এগৰাকী বিষয়াই কিমান কাম কৰিব, এটা মূৰে কিমান কাম কৰিব?" প্ৰশ্ন জল পৰিবহণ বিষয়া গৰাকীৰ।
তেওঁ আৰু কয়, নতুন মানুহ দুই-তিনিজন যোগদান কৰিছে যদিও কাম কৰিব নাজানে,
বুদ্ধিমান লোক সমাইছে, কিন্ত অভিজ্ঞতাৰ অভাৱ। প্ৰথমে বিভাগৰ খালী পদ পূৰণ কৰি কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব" বুলি কয় ৰাজ হুছেইন খানে। কিন্তু খালী পদ পূৰণৰ বাবে বিভাগত জনাই থকাৰ পিছতো নিযুক্তি হোৱা নাই বুলি মন্তব্য কৰে বিষয়াজনে।