নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনা (Nimatighat Boat Tragedy) সমগ্ৰ ৰাজ্যবাসীকে শোক সাগৰত ডুবাই ৰাখিছে। বুধবাৰৰ সন্ধিয়াৰ পৰা ৰাজ্যবাসীৰ টোপনি নাই। চকুৰ সন্মুখতে যেন ঘটিছিল সেই শিহৰণকাৰী, বুকু কঁপি যোৱা ঘটনা!
এই হৃদয়ববিদাৰক ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যত শোক আৰু ক্ষোভে খুন্দা মাৰি ধৰিছে। জনপ্ৰিয় গায়ক জুবিন গাৰ্গ এ এই ঘটনাৰ উচিত বিচাৰৰ দাবী জনাইছে ছচিয়েল মিডিয়াযোগে। জুবিনে লিখিছে, "সকলো কুশলে থাকক৷ আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷"
জুবিনে আৰম্ভণিতেই লিখিছে, "প্ৰায় এদিন হৈ গ'ল এই ঘটনাৰ কিন্তু মই এতিয়াও একো লিখিব ৰা নাই আৰু ক'ব পৰা নাই। এই বেদনা বুজাব নোৱাৰোঁ। কিন্তু এটা কথা মই আছোঁ আৰু সদায় থাকিম।"
জুবিনে আকৌ লিখিছে, "মাজুলী মোৰ নিজৰ ঠাই৷ মই আছোঁ সদায় লগত৷"
উল্লেখ্য যে মাজুলী (Majuli)ক লৈ জুবিনে গোৱা গান আজিও বিখ্যাত। মাজুলীত কেইবাটাও কাম কৰিছে জুবিনে গাৰ্গে।
জুবিনে আকৌ লিখিছে, "মাজুলী মোৰ নিজৰ ঠাই৷ মই আছোঁ সদায় লগত৷"
উল্লেখ্য যে মাজুলী (Majuli)ক লৈ জুবিনে গোৱা গান আজিও বিখ্যাত। মাজুলীত কেইবাটাও কাম কৰিছে জুবিনে গাৰ্গে।
