কোৰোণা সংক্ৰমণৰ (Corona Virus) ভয়ত বিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰততো সমগ্ৰ দেশৰ বিদ্যালয়সমূহ বন্ধ (School Closed) কৰি দিয়া হৈছিল। শিশুসকলে বিগত কেইবামাহধৰি বিদ্যালয়লৈ যোৱা নাই। যদিও বহু ৰাজ্যত বৰ্তমান বিদ্যালয়ৰ দুৱাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰা হৈছে নিম্ন শ্ৰেণীসমূহ এতিয়াও খুলি দিয়া নাই। অসমত দশম শ্ৰেণীৰ পাঠদানৰো অনুমতি দিয়া হোৱা নাই। ৬ ছেপ্টেম্বৰৰ পৰা অসমত দ্বাদশ আৰু স্নাতক আৰু স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ কৰা হৈছে। এই সময়তে বিদ্যালয় খোলা নোখোলাক লৈ ১৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এটা জৰীপ চলোৱা হৈছে। জৰীপৰ ফলাফলবোৰ যথেষ্ট আচৰিতজনক। এই সমীক্ষাৰ প্ৰতিবেদন অনুসৰি গ্ৰাম্য আৰু দৰিদ্ৰ শিশুৰ ৯৭% অভিভাৱকেই যিমান সম্ভৱ সোনকালে বিদ্যালয় পুনৰ খোলাটো (School Reopening) বিচাৰে।
অৰ্থনীতিবিদ জিন-ড্ৰেজ, ৰিতিকা খেৰা আৰু গৱেষক বিপুল পাইক্ৰাৰ সৈতে প্ৰায় ১০০ জন স্বেচ্ছাসেৱকে চলোৱা জৰীপটোত ১৪০০ স্কুলীয়া শিক্ষাৰ্থীক সামৰি লোৱা হৈছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে অনলাইন শিক্ষাৰ (Online Class) সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ শিশুসকলৰ ওপৰত বিদ্যালয় বন্ধ থকাৰ প্ৰভাৱ কিমান ধ্বংসাত্মক হৈছে সেয়া কল্পনাও কৰিব নোৱাৰি।
সমীক্ষাৰ পৰা কিছুমান সঁচাকৈয়ে ভয়াৱহ ফলাফল পোহৰলৈ আহিছে। জৰীপ কৰা আধাৰো অধিক শিশুৱে কেইটামান শব্দতকৈ অধিক পঢ়িব পৰা নাছিল। কিছুমানে শব্দ লিখিব পৰা নাছিল। এওলোকৰ বেছিভাগৰ অভিভাৱকে অনুভৱ কৰে যে বিদ্যালয় বন্ধ থকাৰ বাবে তেওঁলোকৰ সন্তানৰ লিখা আৰু পঢ়াৰ সামৰ্থ্য প্ৰভাৱিত হৈছে আৰু এতিয়া যিকোনো পৰিস্থিতিত সোনকালে বিদ্যালয় খোলাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। জৰীপ কৰা বেছিভাগ অভিভাৱকে কৈছিল যে তেওঁলোকে বিদ্যালয় খোলাৰ পিছতহে শিশুসকলৰ বাবে এক উন্নত জীৱনৰ কল্পনা কৰিব পাৰে।
ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে স্মাৰ্টফোনৰ অভাৱ। গ্ৰাম্য অঞ্চলত স্মাৰ্টফোনৰ অভাৱৰ বাবে দৰিদ্ৰ পৰিয়ালবোৰ অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছে। চহৰাঞ্চলতো মাত্ৰ ৩১% শিক্ষাৰ্থীয়ে অনলাইন অধ্যয়ন কৰি আছে। আনহাতে গাঁৱত ১৫ শতাংশইহে অনলাইন ক্লাছ কৰি আছে।
সমীক্ষাত কোৱা হৈছে যে অসম, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত বিদ্যালয় বন্ধ ৰখাৰ সময়ত, যিসকল ছাত্ৰ-ছাত্ৰীৰ অনলাইন শ্ৰেণী কৰাৰ সুবিধা নাই তেওঁলোকে যাতে অন্য ধৰণে অধ্যয়ন কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ কোনো পদক্ষেপ লোৱা নাই।
আনহাতে, কৰ্ণাটক, মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু ৰাজস্থানত শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ শিশুসকলক অফলাইন হোমৱৰ্ক অধ্যয়নৰ পৰামৰ্শ দিবলৈ নিৰ্দেশ দিছিল। কিন্তু অধিকাংশ ক্ষেত্ৰতে ইয়াৰ ফলাফল সন্তোষজনক নহয়।
