অখিল গগৈ দিনত যদি কাৰোবাৰ লগত থাকে, ৰাতি আন কাৰোবাৰ লগত: পীয়ুষ হাজৰিকা



মঙলবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধীক ৷ কংগ্ৰেছৰ সৈতে মহাজোঁটত থকা AIUDFক মহাজোঁটৰ পৰা আঁতৰাবলৈ বাৰম্বাৰ মন্তব্য কৰি AIUDFৰ দৃষ্টিত খলনায়ক হৈ পৰিছিল অখিল গগৈ ৷


আহি থকা উপ-নিৰ্বাচনত অখিল গগৈয়ে বিচাৰিছে কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতা ৷ অসম প্ৰদেশ কংগ্ৰেছৰ ওচৰত চাউল নিসিজাত অখিল গগৈয়ে সাক্ষাৎ কৰিলে ৰাহুল গান্ধীক ৷ যুৱৰাজ ৰাহুল গান্ধীক সাক্ষাৎ কৰি প্ৰৱল আত্মবিশ্বাসী হৈ পৰা অখিল গগৈক পিছে নিৰাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইহে ৷ ভূপেন বৰাই স্পষ্ট ভাৱে কৈছে, অখিল গগৈক অসম প্ৰদেশ কংগ্ৰেছে ল'ব পৰা নাই বিশ্বাসত ৷ ২০২৪ৰ লোকসভা নিৰ্বাচন বা ২০২৬ৰ বিধানসভা নিৰ্বাচনহে এতিয়া APCCৰ মূল লক্ষ্য ৷ যাৰ লগতে কংগ্ৰেছে মিত্ৰতা কৰে সেয়া হ'ব ২০২৪ আৰু ২০২৬ক লৈহে ৷ উপ-নিৰ্বাচনত কংগ্ৰেছে ল'ব খোজা নাই ৰিস্ক ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈক লৈ কৰা এই মন্তব্যৰ পিছত বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাইও অখিল গগৈক লৈ আগবঢ়াইছে মন্তব্য— "অখিল গগৈ দিনত এটা, ৰাতি এটা ৷ দিনত যদি কাৰোবাৰ লগত থাকে, ৰাতি আন কাৰোবাৰ লগত ৷ সম্পূৰ্ণ বিশ্বাসযোগ্যতা হেৰুৱাইছে অখিল গগৈয়ে ৷ কালি দিল্লীত ভূপেন বৰাৰ মুখেৰেও ওলাল অখিল গগৈ কিমান বিশ্বাসযোগ্য! আচলতে আনৰ দুৱাৰে দুৱাৰে ঘুৰি ঘুৰি অখিল গগৈয়ে নিজক পাহৰি পেলাইছে ৷ আমি নক'লেও হ'ব, অখিল গগৈক এতিয়া কোনেও বিশ্বাসৰ চকুৰে নোচোৱা হৈছে ৷"— ক'লে মন্ত্ৰী গৰাকীয়ে ৷

শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে প্ৰশান্ত কিশোৰৰ নাম ৷ প্ৰশান্ত কিশোৰক লৈ দুটা ভাগত বিভক্ত হৈছে কংগ্ৰেছ ৷ তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশান্ত কিশোৰক অসম আৰু ত্ৰিপুৰাৰ ৰাজনীতিত পাশা খেলিবলৈ নমাব বুলিও চৰ্চাত ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ —এটা প্ৰশান্ত কিশোৰে সলনি কৰিব নোৱাৰে ভাৰতৰ ৰাজনীতি ৷ ২০১৬ত প্ৰশান্ত কিশোৰ অহাৰ লগে লগে ফটকা ফুটাইছিল অসমৰ কংগ্ৰেছে ৷ সেই কংগ্ৰেছৰ অৱস্থা ২০১৬ত কি হ'ল অসমৰ ৰাইজে দেখিছে ৷ প্ৰশান্ত কিশোৰ আমাৰ বাবে কালিও ফেক্টৰ নাছিল, আজিও নহয় ৷

Post a Comment

Previous Post Next Post