এইবাৰ ৰাণু মণ্ডলক লৈ বলীউডত ছবি! জানেনে কোনে অভিনয় কৰিছে ৰাণুৰ চৰিত্ৰত?



আপোনালোকৰ নিশ্চয় মনত আছে ৰাণু মণ্ডল ৰ কথা যি লতা মংগেশকাৰৰ গান গাই ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। ৰাণু মণ্ডলে মাত্ৰ এটা গান গাই ৰাতিটোৰ ভিতৰতে সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰাণাঘাট ষ্টেচনত ভিক্ষা কৰা মহিলাগৰাকী কেইদিনমানৰ ভিতৰতে স্বপ্ন পুৰী মুম্বাই চহৰত উপস্থিত হৈছিল। অৱশ্যে কেইদিনমানৰ ভিতৰতে ৰাণু মণ্ডল লাইমলাইটৰ পৰা আঁতৰি গৈছিল, ৰাণু মণ্ডল পুনৰ ৰাণাঘাটলৈ উভতি আহিল। কিন্তু শেহতীয়াকৈ আকৌ তেওঁৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ত ভাইৰেল হৈ পৰিছে। তাৰ পিছতেই আহিল ভাল খবৰটো ! শেহতীয়া খবৰ মতে ৰাণু মণ্ডলৰ জীৱন যাত্ৰা এইবাৰ ডাঙৰ পৰ্দাত দেখা যাব। অবিশ্বাস্য যেন লাগিলেও এইটো সঁচা। বলীউডত নিৰ্মাণ হ'ব ছচিয়েল মিডিয়া ছেনছেচন ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত আধাৰিত চিনেমা। পৰিচালক ঋষিকেশ মণ্ডল। চিত্ৰনাট্যখন ৰাণু মণ্ডলৰ জীৱনৰ বিভিন্ন উত্থান-পতনক আলম কৰি নিৰ্মাণ কৰা হৈছে। ছেক্ৰেড গেমছৰ অভিনেত্ৰী ঈশিকা দে ই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব অৰ্থাৎ ৰাণু মণ্ডল ৰ চৰিত্ৰত অভিনয় কৰিব ঈশিকা দেই। বৰ্তমানলৈ ছবিখনৰ নাম 'মিছ ৰাণু মাৰিয়া' ৰখা হৈছে যদিও নাম সলনি হোৱাৰ অৱকাশ আছে। ছবিখনত অভিনেতা কমল মিশ্ৰয়ো অভিনয় কৰিব। ছবিখনৰ ছুটিং নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। ৰাণু মণ্ডলৰ জীৱনক লৈ নিৰ্মাণ হ'বলগীয়া ছবিখন ২০২২ চনৰ মাৰ্চ-এপ্ৰিলত মুক্তি পাব। সুৰকাৰ আৰু গায়ক হিমেশ ৰেশমিয়াক ছবিখনত অভিনয় কৰিবলৈ অনুৰোধ জনোৱা হৈছে বুলি জানিব পৰা গৈছে। অভিনেত্ৰী ঈশিকা দেই নিউজ ১৮ বাংলা ডিজিটেলক কয়, "ৰাণু মণ্ডল বিখ্যাত হোৱাৰ দিনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ যাত্ৰা আৰু ইয়াৰ আগতে ৰাণাঘাট ষ্টেচনত তেওঁৰ ভিক্ষাৰী জীৱন... দুয়োটাকে চিনেমাখনত দেখুওৱা হ'ব।" কিন্তু কোৰোণাৰ বাবে এতিয়াও ৰাণুক মুখামুখিকৈ লগ পোৱাৰ সুযোগ পোৱা নাই অভিনেত্ৰীগৰাকীয়ে।।

Post a Comment

Previous Post Next Post