ভাৰতীয় শ্বাটলাৰ প্ৰমোদ ভগত টকিঅ' পেৰালিম্পিকছ ত বেডমিণ্টন ছিংগলছ এছএল-3ৰ স্বৰ্ণ পদক জিকিছে। এইদৰে ভাৰতে গেমছত চতুৰ্থটো সোণৰ পদক জিকিছে। উৰিষ্যাৰ ৩৩ বছৰীয়া ভগতে পেৰালিম্পিক গেমছৰ বেডমিণ্টন ছিংগলছত এতিয়ালৈকে ভাৰতক প্ৰথমটো স্বৰ্ণ পদক জিকি ইতিহাস ৰচনা কৰে। তেওঁ অলিম্পিক বা পেৰালিম্পিকত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হৈ পৰিছে।
ভাৰতৰ মনোজ সৰকাৰ একেটা ইভেণ্টতে ব্ৰঞ্জৰ পদক জিকিছে। ইয়াৰ সৈতে, টকিঅ' পেৰালিম্পিকত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১৭ লৈ বৃদ্ধি হৈছে, যি হৈছে ইয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। বিশ্বৰ এক নম্বৰ পেৰা-শ্বাটলাৰ প্ৰমোদ ভগতে ফাইনেলত পোনপটীয়া খেলত ব্ৰিটেইনৰ দানিয়ান বেথেলক ২১-১৪, ২১-১৭ ত পৰাস্ত কৰে। মনোজ সৰকাৰে ব্ৰঞ্জৰ পদকৰ খেলত জাপানৰ দাইচুকে ফুজিহাৰাক পোনপটীয়া খেলত ২২-২০, ২১-১৩ ত পৰাস্ত কৰে।