শীঘ্ৰেই প্ৰকাশ পাব ৯ হাজাৰ পদৰ বিজ্ঞাপন !


 

অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত স্বাস্হ্য বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ৷ স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰিলে ৭০ গৰাকী প্ৰাৰ্থীক নিয়োগ পত্ৰ ৷ ইয়াৰে চিকিৎসা মহাবিদ্যালয়ৰ ৩৯ টা পদ আৰু গুৱাহাটী চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ৩১টা পদ ৷ সৰ্বমুঠ ৭০ টা পদত নিযুক্তি পত্ৰ বিতৰণ ৷


নিযুক্তি পত্ৰ বিতৰন কৰি স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তৰ দাবী ৰাজ্যত অচিৰেই আৰু ৩০০ চিকিৎসকৰ নিযুক্তি সম্ভৱ হব ৷ এয়াই নহয় ৰাজ্যৰ স্বাস্হ্য খণ্ডত প্ৰকাশ পাব আন এক বৃহৎ নিযুক্তি, যত প্ৰায় ৯ হাজাৰ পদত নিয়োগ কৰা হ'ব ৷ নতুন নিয়োগৰ বিজ্ঞাপন বিভাগে প্ৰকাশৰ বাবে প্ৰস্তুতি কৰিছে ৷ অৱশ্যে কোনবোৰ পদত এই নিয়োগ হ'ব সেয়া এতিয়াও প্ৰকাশ কৰা নাই ৷ স্বাস্হ্য মন্ত্ৰীগৰাকীৰ দাবী ৰাজ্য চৰকাৰৰ ১০০ দিনত বিভাগটোত মুঠ ১৯৪১ গৰাকী নিযুক্তি সম্ভৱ হৈছে ৷

Post a Comment

Previous Post Next Post