মহাকাশ পৰ্যটনত আৰু এখোজ, কাইলৈ উৰিব স্পেচ এক্সৰ মহাকাশযান



 কাইলৈ আৰম্ভ হ'ব স্পেচ এক্সৰ এটা নতুন মহাকাশ অভিযান। বহুদিন ধৰি যো–জা চলাই থকাৰ অন্ততঃ কাইলৈ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ তত্ত্বাৱধানত চাৰিজনীয়া এটা দলে মহাকাশ ভ্ৰমণ কৰিব। ১৬ ছেপ্টেম্বৰত ভাৰতীয় সময় মতে পুৱা ৫.৩২ বজাত আৰম্ভ হ'ব এই অভিযান।


 ৰকেট উৎক্ষেপণ প্ৰত্যক্ষ কৰিব পৰা যাব জনপ্ৰিয় ষ্ট্ৰীমিং মাধ্যম নেটফ্লিক্সত পোনপটীয়াকৈ। লাইভ ষ্ট্ৰীমিং নেটফ্লিক্সৰ ইউটিউব চেনেলত প্ৰদৰ্শিত হ'ব। নেটফ্লিক্সত ইতিমধ্যে ইয়াকে লৈ এটা বিশেষ ডকুচিৰিজ চলি আছে Countdown: Inspiration4 Mission নামেৰে। কাউণ্টডাউন ডকুচিৰিজত ইতিমধ্যে চাৰি জনীয়া দলৰ প্ৰস্তুতি প্ৰদৰ্শিত হৈছে। ইয়াৰ পিছত নেটফ্লিক্সৰ ইউটিউব চেনেলত ফালকন 9 স্পেচক্ৰাফ্টৰ 'লিফ্ট-অফ' পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হ'ব।


স্পেচ এক্সে তেওঁলোকৰ মহাকাশ অভিযানত চাৰিজন ক্ৰু সদস্যক মহাকাশলৈ প্ৰেৰণ কৰিবলৈ গৈ আছে। অভিযানটো তিনি দিন ধৰি চলিব। সেই সময়ত পৃথিৱীৰ চাৰিওফালে কক্ষপথত ঘূৰিব তেওঁলোক।

এয়া প্ৰথমবাৰৰ বাবে স্পেচ এক্সে পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ এটা অভিযানৰ আয়োজন কৰিছে। এই অভিযান সাধাৰণ নাগৰিকক লৈ উলিওৱা হৈছে। এইদৰে ইলন মাস্ক আৰু তেওঁৰ কোম্পানী স্পেচ এক্সে অৱশেষত Inspiration 4ৰ জৰিয়তে মহাকাশ পৰ্যটন ক্ষেত্ৰত ভৰি দিব। অৱশ্যে ইয়াৰ আগেয়ে দুই ধনী ব্যৱসায়ী ৰিচাৰ্ড ব্ৰেনছন আৰু জেফ বেজোছে মহাকাশ বিমানেৰে পৃথিৱীৰ সীমা অতিক্ৰম কৰিছে।


এইবাৰ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সেও একেটা পথেৰে গতি কৰিছে। খবৰ অনুসৰি, জাৰেড আইজাকমেন Inspiration 4 অভিযানত স্পেচ এক্সৰ ফ্লাইটৰ মুখ্য নিয়ন্ত্ৰক। ৩৮ বছৰীয়া ব্যক্তিজন হৈছে Shift4 Payment (পেমেণ্ট প্ৰচেছিং কোম্পানী)ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। আইজাকমেন এসময়ত এজন পাইলটো আছিল।


স্পেচ এক্সৰ মহাকাশযান আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ওপৰেৰে উৰা মাৰিব। এইক্ষেত্ৰত কিছু বিপদাশংকাও নথকা নহয়। নিৰ্দিষ্ট ৰকেটটোৱে প্ৰতি ঘণ্টাত প্ৰায় ২৮,০০০ কিলোমিটাৰ বেগত সমগ্ৰ পৃথিৱী প্ৰদক্ষিণ কৰিব। ১৬ ছেপ্টেম্বৰত ভাৰতীয় সময় মতে পুৱা ৫.৩২ বজাত ফ্লৰিডাত নাছাৰ কেনেডি চেণ্টাৰৰ পৰা launch pad 39Aৰ পৰা উৰা মাৰিব। এয়া প্ৰথমবাৰৰ বাবে কোনো অ-পেছাদাৰী মহাকাশচাৰী স্পেচ এক্স মহাকাশযানত মহাকাশলৈ গৈ আছে।

Post a Comment

Previous Post Next Post