এইবাৰ কিদৰে উদযাপন কৰা হ'ব দুৰ্গা পূজা? এই সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উপায়ুক্তৰ পৰা অনুমতি ল'ব লাগিব ৷ লগত কমিটীৰ সদস্যসকলে লগত জমা দিব লাগিব কোভিড ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ।
দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰৰ নতুন SOP-
- পুজা মণ্ডপ আহল বহল হ'ব লাগিব ৷ প্ৰৱেশ আৰু প্ৰস্থান বেলেগ হ'ব লাগিব ৷
- পুজা মণ্ডপ সন্দেহজনক হ'লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব। স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে এপালি ভেকচিন লব লাগিব।
- প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটী/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক'ভিড প্ৰট'কলৰ বিষয়ে অৱগত কৰিব।
- জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব লাগিব।
- পূজামণ্ডপ-পূজাস্থলীত ল'ব লগা বিশেষ ব্যৱস্থাৱলী:
- পূজাস্থলী যথেষ্ট আহল-বহল হ'ব লাগিব আৰু চাৰিওফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী লোক/দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক'ভিড বিধি অনুসৰি কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।
- পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।
- পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব।
পূজাত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন আদি বিষয়ত প্ৰযোজ্য হ'ব লগীয়া নিয়ম:- ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দুৰ্গাপূজাৰ আগে-পিছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধা-নিষেধ প্ৰযোজ্য হ'ব।
- আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব।
আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:- আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা হ'ব লাগিব। এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই (বিষয়ববীয়া, স্বেচ্ছাসেৱক, পূজাৰী বা দৰ্শনাৰ্থী) জড়িত হ'ব নোৱাৰিব।
- জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।
- কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।
- প্ৰতিখন পূজাস্থলী/পূজামণ্ডপৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব।
