এতিয়া যি কোনো মোবাইল কোম্পানীৰ নতুন কানেকচনৰ চিম লবলৈ হলে আধাৰ কাৰ্ডৰ (Aadhar card) প্ৰয়োজন। এখন চিমৰ বাবে যিদৰে এটা আধাৰ নম্বৰ লাগে ঠিক সেইদৰে এখন আধাৰৰ লগত এটা চিম অৰ্থাৎ এটা নম্বৰ ৰেজিষ্টাৰ্ড হৈ থাকে। ঠিক তেনেদৰে আপোনাৰ আধাৰ কাৰ্ডৰ লগত চৰকাৰী ভাৱে নথি ভূক্ত একাধিক নম্বৰৰ চিম থাকিব পাৰে।
ভাৰতত এটা আধাৰ নম্বৰ ব্যৱহাৰ কৰি মুঠ ১৮ খনলৈ মোবাইলৰ চিম ল'ব পাৰি। তেনেক্ষেত্ৰত আপোনৰ আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি আন কোনোবাই মোবাইলৰ চিম উলিয়াই ব্যৱহাৰ কৰি আছে নেকি ?
সম্প্ৰতি তেনে বহু ঘটনা পোহৰলৈ আহিছে। আনৰ আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি মোবাইলৰ চিম উলিয়াই বিভিন্ন ধৰনৰ জালিয়াতি কৰিবলৈ আৰম্ভ কৰিছে। আনহতে উক্ত বিষয়ত একো নাজানি বিপদত পৰিছে সাধাৰণ জনসাধাৰণ। সেই বাবে পৰীক্ষা কৰি লোৱাই ভাল আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ কোনোবাই ব্যৱহাৰ কৰি আছে নে নাই। ইয়াৰ বাবে কেৱল এটা স্মাৰ্ট ফোন আৰু ইন্টাৰনেটৰ কানেকচন থাকিলেই হব।
তলত আপোনাৰ আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ পদ্ধতি পৰ্যায় ক্ৰমে দিয়া হ'ল।
>> প্ৰথমে UIDAI ৰ ৱেবচাইটত যাওক। ৱেবচাইট হ'ল: https://resident.uidai.gov.in/notification-aadhar
>>> নিৰ্দিষ্ট স্থানত ১২ সংখ্যাৰ আধাৰ নম্বৰ দিয়ক
>>> কেপচা লিখক
>> প্ৰথমে UIDAI ৰ ৱেবচাইটত যাওক। ৱেবচাইট হ'ল: https://resident.uidai.gov.in/notification-aadhar
>>> নিৰ্দিষ্ট স্থানত ১২ সংখ্যাৰ আধাৰ নম্বৰ দিয়ক
>>> কেপচা লিখক
>>> এতিয়া OTP Generate ৰ অপচনত ক্লিক কৰক
>>> ইয়াৰ পিছত আপোনাৰ ফোনত অহা OTP টো যথা স্থানত দিয়ক
>>> ড্ৰপ ডাউন মেনুৰ পৰা ALL অপচন চিলেক্ট কৰক
>>> পেজত থকা চিলেক্ট ডেট ৰেঞ্জত যাওক। তাতেই বিগত ছ মাহৰ আপোনাৰ আধাৰৰ কাৰ্ডৰ ইতিহাস ( Aadhar Card History) দেখা পাব।
>>> ছাবমিট কৰক।
>>> এতিয়া আধাৰ কাৰ্ডৰ ব্যৱহাৰৰ সকলো তথ্য পাই যাব।
>>> অথিন্টিকেছনৰ বাবে আকৌ এবাৰ OTP ৰ Request পঠাওক।
>>> এতিয়া আপোনাৰ আধাৰ কাৰ্ড ক'ত কেনেকৈ ব্যৱহাৰ হৈছে সকলো তথ্য আপোনাৰ সন্মুখত আহি যাব।
আপোনাৰ অজ্ঞাতে কোনো ঠাইত যদি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ হৈছে তেনেহ'লে ততাতৈয়াকৈ UIDAI ৰ ৱেবচাইটত অভিযোগ দাখিল কৰক।