শাহুৱেকক ধৰ্ষণ কৰি যৌনাংগত বাঁহ ভৰাই দিলে জোঁৱায়েকে! আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ



 উত্তৰ প্ৰদেশৰ বিজনোৰ ধৰ্ষণ কাণ্ডৰ পিছত আকৌ সংঘটিত হ'ল নাৰীজনিত অপৰাধ। মুম্বাইৰ ভিলে ফাৰ্লেত শাহুৱেকৰ ওপৰত জোঁৱায়েকে কৰিলে নিৰ্মম অত্যাচাৰ। অভিযুক্ত জোঁৱায়েকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত শাহুৱেকৰ যৌনাংগত বাঁহ ভৰাই দিয়ে। এনে পাশৱিক আক্ৰমণত মৃত্যুক সাৱটি লয় শাহুৱে।ঘটনাৰ এদিন পিছতে পুনেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জোঁৱাইক। লোকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যা, ধৰ্ষণ আদি একাধিক গোচৰ।


আৰক্ষীৰ ফালৰ পৰা জনা গৈছে যে, মৃত মহিলাগৰাকী নিজৰ কন্যাৰ সৈতে ভিলে পাৰ্লেত থাকে। কেইবছৰমান পূৰ্বে অভিযুক্ত লোকজনৰ সৈতে মহিলাগৰাকীৰ কন্যাৰ বিবাহ হৈছিল। তিনি বছৰ পূৰ্বে এটি সোণৰ অলংকাৰ চুৰি কৰাৰ ঘটনাত সাঙোৰ খাইছিল লোকজনৰ নাম। তিনি বছৰ দিন জে'লত থকাৰ পিছত যোৱা ১ ছেপ্তেম্বৰত নিজৰ পত্নীক লগ কৰিবলৈ গৈছিল লোকজন। আৰক্ষীৰ আগত লোকজনে কয় যে, পত্নীক লগ কৰিবলৈ যাওতেই তেওঁ জানিব পাৰে যে, অন্য ব্যক্তিৰ সৈতে সংসাৰ কৰিছে পত্নীয়ে। আনকি সেইসময়ত পত্নী গৰ্ভৱতীও আছিল। তাৰ পিছতে ক্ষোভত ফাটি পৰে লোকজন। পত্নীক নিজৰ লগত লৈ যাবলৈ বহু চেষ্টা কৰে যদিও কোনো পধ্যেই মান্তি নহ'ল পত্নী। পিছত হতাশ হৈ উভতি যায় লোকজন।

আৰক্ষীৰ জেৰাত অভিযুক্তই জনাইছে যে, পিছদিনা পুৱা তেওঁ পুনৰ এবাৰ পত্নীৰ ওচৰলৈ যায়। কিন্তু পত্নীক তেওঁ লগ ধৰিব নোৱাৰিলে। ঘৰত সেই সময়ত অকলে আছিল শাহু। আৰক্ষীক লগতে জনাইছে যে, পত্নীক ক'ত গৈছে বুলি শাহুক বাৰে বাৰে সোধে যদিও লোকজনে পোৱা নাছিল কোনো উত্তৰ। ফলত খঙৰ ভমকত শাহুৱেকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই আৰু ওচৰতে পৰি থকা এডাল বাঁহ মহিলাগৰাকীৰ যৌনাংগত ভৰাই দিয়ে। ঘটনাস্থলীতে মৃত্যু হয় শাহুৱেকৰ। পিছত সেই স্থানৰ পৰা পলাই যায় লোকজন। অৱশেষত ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোজনক।

Post a Comment

Previous Post Next Post