ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক কটু সমালোচনা কৰা বলীউদৰ গীতিকাৰ জাভেদ আখতাৰে এইবাৰ ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলক উচ্চ প্ৰশংসা কৰিছে। আৰএছএছক তালিবানীৰ সৈতে তুলনা কৰা বলীউদৰ খ্যাতনামা গীতিকাৰগৰাকীয়ে শিৱসেনাৰ মুখপত্ৰ সামানাত লিখা এটা প্ৰৱন্ধত উল্লেখ কৰিছে যে, হিন্দুসকলক কেতিয়াও তালিবানীৰ সৈতে ৰিজাব নোৱাৰি কাৰণ হিন্দু সকল হৈছে বিশ্বৰ ভিতৰতে আটইতকৈ সহনশীল জাতি। ভাৰতৰ হিন্দু সকল শান্ত-সমাহিত।
সামনাৰ জৰিয়তে শিৱসেনাই এই মাহৰ আৰম্ভণিতে আখতাৰক সমালোচনা কৰিছিল কাৰণ আখতাৰে আৰ এছ এছ আৰু ভিএইচপিক তালিবানৰ সৈতে তুলনা কৰিছিল। সামনাৰ সম্পাদকীয়ত তেওঁৰ বক্তব্যক হিন্দু সংস্কৃতিৰ প্ৰতি অসন্মানজনক বুলি অভিহিত কৰিছিল আৰু কৈছিল যে যদিও আখতাৰে মৌলবাদ আৰু ধৰ্মান্ধতাৰ বিষয়ে মুকলিকৈ সমালোচনা কৰি অহা বিষয়ত শিৱসেনাই কোনো আপত্তি কৰা নাই, কিন্তু তথাপি আৰ এছ এছ আৰু তালিবানৰ মাজত তেওঁ কৰা তুলনাৰ সৈতে শিৱসেনা একমত নহয়।
পিছে সামানাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "প্ৰকৃততে, শেহতীয়া সাক্ষাৎকাৰত, মই কৈছো যে 'হিন্দুসকল হৈছে বিশ্বৰ আটাইতকৈ শালীন আৰু সহনশীল সংখ্যাগৰিষ্ঠ জাতি'। মই বাৰম্বাৰ জোৰ দি ক'ম যে ভাৰত কেতিয়াও আফগানিস্তানৰ দৰে হ'ব নোৱাৰে কাৰণ ভাৰতীয়সকল উগ্ৰপন্থী নহয়। শান্ত হোৱাটো তেওঁলোকৰ ডিএনএত আছে।"
অৱশ্যে আৰএছএছ আৰু ভিএইচপিক সমালোচনা কৰি তেওঁ কয়, তেওঁ তালিবান আৰু হিন্দু সোপন্থীসকলৰ মানসিকতাৰ মাজত যথেষ্ট সাদৃশ্য বিচাৰি পাইছে। তেওঁ কয়, "দৰাচলতে, ইয়াত যথেষ্ট সাদৃশ্য আছে। যিদৰে তালিবানে ধৰ্মৰ ওপৰত আধাৰিত কৰি ইছলামিক চৰকাৰ গঠন কৰিছে, সেইদৰে হিন্দু সোঁপন্থীসকলেও হিন্দু ৰাষ্ট্ৰ বিচাৰে। তালিবানে মহিলাৰ অধিকাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰে আৰু তেওঁলোকক মাৰ্জিনত ৰাখিব বিচাৰে, হিন্দু সোঁপন্থীসকলেও স্পষ্ট কৰি দিছে যে তেওঁলোকে মহিলা আৰু ছোৱালীৰ স্বাধীনতা পছন্দ নকৰে।’’
আখতাৰে শিৱসেনাৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক প্ৰশংসা কৰি কয় যে আটাইতকৈ বেয়া সমালোচকসকলেও তেওঁক কোনো বৈষম্য বা অন্যায়ৰ অভিযোগ কৰিব নোৱাৰে আৰু এইটো তেওঁৰ বোধশক্তিৰ বাহিৰত যে কেনেকৈ আৰু কিয় কোনোবাই উদ্ধৱ ঠাকৰেৰ চৰকাৰক 'তালিবানী' বুলি ক'ব পাৰে।
শিৱসেনাৰ নেতা আৰু সামনাৰ কাৰ্যবাহী সম্পাদক সঞ্জয় ৰাউতে কয় যে আখতাৰে প্ৰবন্ধটো কাকতখনত প্ৰকাশ কৰিছে। সঞ্জয় ৰাউতে দিয়া বক্তব্য অনুসৰি "আমি সামনাক বাতৰি কাকত হিচাপে গণ্য কৰো আৰু বিভিন্ন মতাদৰ্শৰ লোকসকলৰ মতামত বহন কৰো যদিও তেওঁলোকৰ দৃষ্টিভংগী আৰু আমাৰ দৃষ্টিভংগীতৰ মাজত অমিল থাকে। তেওঁ (আখতাৰে) প্ৰবন্ধটো আমাৰ কাকতত ছপা কৰিব বিচাৰিছিল আৰু আমিও কাকতত প্ৰকাশ কৰিছিলো যিহেতু আমি অনুভৱ কৰিছিলো যে তেওঁ কিছুমান আকৰ্ষণীয় কথা লিখিছে।"

Tags:
Entertainment