তুলিৰাম ৰংহাঙে ক’লে – ভাল ফলাফল দেখুৱাব বিজেপিয়ে


 

সন্মুখত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দাবী পাহাৰৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব।


ইয়াৰোপৰি ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত কাৰ্বি শান্তি চুক্তি সম্পাদিত হ’ব বুলিও নিউজ১৮ক জনায় তুলিৰাম ৰংহাঙে। নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে ছয়টা সংগঠনৰ শান্তি চুক্তিৰ কথা জনালে তুলিৰাম ৰংহাঙে।

ইফালে, বিজেপিয়ে যদিও পাহাৰত বিৰোধী শূন্য বুলি দাবী কৰিছে তথাপিও পাহাৰীয়া জিলা দুখনত এএছডিচি, চিপিআই(এম এল) কংগ্ৰেছ সকলো দল একত্ৰিত হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে।

আনহাতে, কাৰ্বি আংলঙত বিৰোধী শূন্য বুলি মত প্ৰকাশ কৰে অসম বিধান সভাৰ উপাধ্যক্ষ তথা কাৰ্বি আংলঙৰ বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে। পৰিষদৰ আগন্তুক নিৰ্বাচনত ২৬খন আসনৰ ২৬তে বিজেপি জয়ী হ’ব বুলি কয় ডাঃ নোমল মমিনে।

Post a Comment

Previous Post Next Post