টকিঅ’ পেৰা অলিম্পিকত ভাৰতলৈ আহিল আৰু এটা স্বৰ্ণপদক। জেভলিন থ্ৰ’ত সুমিত আন্তিলে লাভ কৰিলে সোণৰ পদক। বিশ্ব অভিলেখ সৃষ্টি কৰি দখল কৰিলে স্বৰ্ণপদক। প্ৰথমবাৰৰ বাবে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰি সুমিতে জেভলিন থ্ৰ’ৰ F-64 ইভেণ্টত নিজৰ দ্বিতীয় প্ৰয়াসত ৬৮.০৮ মিটাৰ থ্ৰ’ কৰে আৰু বিশ্ব অভিলেখ ৰচনা কৰে। ইয়াৰ পিছত তেওঁৰ নিজৰ পঞ্চম প্ৰয়াসত ৬৮.৫৮ মিটাৰ থ্ৰ’ কৰি বিশ্ব অভিলেখ অটুট ৰাখে।
সুমিতে নিজৰ প্ৰথম প্ৰয়াসত ৬৬.৯৫ মিটাৰ দূৰত্ব জেভলিন দলিয়াই যিটো এটা অভিলেখ। তৃতীয় প্ৰয়াসত ৬৫.২৭ মিটাৰ, চতুৰ্থ প্ৰয়াসত ৬৬.৭১ আৰু পঞ্চম প্ৰয়াসত ৬৮.৫৮ মিটাৰ থ্ৰ’ কৰে। অষ্ট্ৰেলিয়াৰ মাইকেল বৰিয়ানে ৬৬.২৯ মিটাৰ দলিয়াই ৰূপৰ পদক অৰ্জন কৰে।