'ছানী লিয়নী আহি 'ফ্লায়িং কিচ' দিলেও উপ-নিৰ্বাচনত বিজেপিক হৰুৱাব নোৱাৰে'


 

'উপ নিৰ্বাচনত ছানী লিয়নী আহি 'ফ্লায়িং কিচ' দিলেও বিজেপিক পৰাজিত কৰিব নোৱাৰে।

উপ-নিৰ্বাচনত বিজেপিয়েই জয়ী হ'ব। AIUDFৰ লগত মিত্ৰতা কৰি কংগ্ৰেছে কৰিছিল মহাপাপ। মহাপাপ কৰিছিল AIUDFদলটোৱেও। এই মহাপাপৰ ফল দুয়োটা দলেই ভুগিব লাগিব। বিটিআৰ নিৰ্বাচনত AIUDF-এ আলুগুটি খালে। কংগ্ৰেছে ১ পাইছিল সেইটোও বিজেপিলৈ আহিল।'- আকৌ এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল ন-বিজেপি ৰূপজ্যোতি কুৰ্মী।

কংগ্ৰেছৰ টিকটত মৰিয়নি সমষ্টিৰ পৰা জয়লাভ কৰি ৰাতিটোৰ ভিতৰতে বিজেপি বন্দনাত বিভূৰ হৈ পৰা কংগ্ৰেছৰ পদত্যাগী বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া সুবিধা পালেই কংগ্ৰেছক সমালোচনা কৰা দেখা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন বিধায়কজনে কংগ্ৰেছ- AIUDFৰ মিত্ৰতাক মহাপাপ আখ্যা দিয়ে। আৰু এই মহাপাপৰ ফলত দুয়োটা দলেই ভুগিব লাগিব বুলি দাবী কৰে ৰূপজ্য়োতিয়ে।

ইফালে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই "হামাদেৰ মনেৰ কথা" শীৰ্ষক এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কয় য়ে, 'আজি আমাৰ বাবে ঐতিহাসিক দিন।আমাৰ জনগোষ্ঠীটোৰ কথা কোনো এজন মুখ্যমন্ত্ৰীয়ে ইমান গভীৰতালৈ গৈ ভবা নাছিল। আজি চাৰি ঘণ্টা সময় আমাৰ জনগোষ্ঠীটোক দিছে। চাহ জনগোষ্ঠীৰ আৰ্থ-সামাজিক দিশ, চিকিৎসা, শিক্ষা, সাংস্কৃতিক দিশ আলোচিত হৈছে। জনগোষ্ঠীয় সংগঠন, বুদ্ধিজীৱী, শিক্ষাবিদসকলে সাৰুৱা কথা কৈছে অনুষ্ঠানটোক লৈ মই বাৰুকৈয়ে আশাবাদী।'

Post a Comment

Previous Post Next Post