ভাৰতৰ নিষাদ কুমাৰে টকিঅ’ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত ৰূপৰ পদক লাভ কৰিছে। তেওঁ পুৰুষৰ হাই জাম্পৰ T-47 ইভেণ্টত দেশলৈ গৌৰৱ কঢ়িয়াই ৰূপৰ পদক অৰ্জন কৰে। নিষাদে এই ইভেণ্টৰ ফাইনেলত ২.০৬ মিটাৰ উচ্চতা জঁপিয়াই এই সফলতা অৰ্জন কৰে।
এই ইভেণ্টৰ ফাইনেলত ভাৰতৰ আনজন পেৰা অলিম্পিক এথলীট ৰামপাল চাহৰে পঞ্চম স্থানত থাকে। অৱশ্যে তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰে আৰু ১.৯৪ মিটাৰ জঁপিয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু পেৰা অলিম্পিক সমিতিৰ মুৰব্বী দীপা মালিকে নিষাদক এই সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি লিখিছে, ‘টকিঅ’ৰ পৰা আৰু এটা ভাল খবৰ আহিছে। নিষাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T-47ত ৰূপৰ পদক লাভ কৰিছে, যাক লৈ অত্যন্ত সুখী। তেওঁ উৎকৃষ্ট কৌশল আৰু কষ্টৰ বলত এক সফল এথলীত হৈছে, তেওঁলৈ বহুত শুভেচ্ছা।’