কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ভংগৰ দিনটোতেই বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এটা বিশেষ পোষ্টে সকলোৰে মাজত বিশেষ চৰ্চা লাভ কৰিছে। মিত্ৰদলৰ সৈতে বিচ্ছেদ হোৱাৰ দিনা সমগ্ৰ দিনটো শুলে অখিল গগৈয়ে। গোটেই দিনটো শুই থাকি সন্ধিয়া নিজেই ফেচবুকত কেইখন ফটোৰ সৈতে লিখিলে- 'আন্ধাৰৰ পৰা পোহৰলৈ' বুলি।
অতি তাতপৰ্যপূৰ্ণভাৱে লগতে অখিল গগৈয়ে লিখিছে- বহুদিনৰ মূৰেকত আজি গোটেই দিনটো শুলোঁ। গা-মনৰ ভাগৰ মাৰিলোঁ আৰু সন্ধিয়া মুক্ত আকাশৰ ফালে হাত প্ৰসাৰিত কৰি প্ৰকৃতি দেৱীক প্ৰাৰ্থনা কৰিলোঁ। কিমান দিনৰ মূৰত যে মুকলি আকাশৰ তলত বিহংগ হৈ নিজক উজ্জীৱিত কৰিলোঁ!
নিজৰ এই ব্যক্তিগত অভিজ্ঞতা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অনুৰাগীসকলক লগতে গগৈয়ে প্ৰশ্ন কৰিছে এনেদৰে- আপোনালোকে কেতিয়াবা এনেকৈ অৰণ্য, আকাশ, ডাৱৰ, আন্ধাৰ, তৰা, চন্দ্ৰৰ সৈতে কথা পাতেনে? অখিল গগৈৰ এই পোষ্টত ভিন্নজনে মন্তব্য আগবঢ়াইছে।
এগৰাকী নেটিজেনে লিখিছে- নাজানো কোনে কেপচন লিখে ? কিন্তু , মই শেষৰ দুইমাহ মানৰ পৰা সূক্ষ্মভাৱে চাইছোঁ ৷ লিখনি আৰু সময় একদম উৎকৃষ্ট হৈছে ৷ মালাকাৰ উপাধিৰ এজনে লিখিছে- হয়, মইও মাজে-সময়ে অৰণ্য, ডাৱৰ, তৰাৰ লগত কথা পাতোঁ। ৰাতিৰ আন্ধাৰত চন্দ্ৰই যেতিয়া নীৰৱে চাই থাকে, ডাৱৰে যেতিয়া মনৰ কথা বুজি বৰষুণ দিয়ে, বিহংগই যেতিয়া গান গায় — তেতিয়া লাগে যে আমি অকলশৰীয়া নহওঁ। প্ৰকৃতিয়ে সদায় কাণ পাতি শুনে।
