বছৰৰ ৪ মাহেই জলমগ্ন হৈ থাকে নগাঁৱৰ বন সংৰক্ষকৰ কাৰ্যালয়ঃ স্থবিৰ কাম-কাজ


  

নগাঁও চহৰৰ হয়বৰগাঁও চান্দমাৰী পথত অৱস্থিত অসম চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগৰ উজনি অসম বন সংৰক্ষকৰ কাৰ্যালয় চৌহদ আজি প্ৰায় তিনিমাহ ধৰি জলমগ্ন হৈ আছে। জুলাই মাহৰ পৰা বৰ্তমানলৈকে এই কাৰ্যালয়ৰ চৌহদ কৃত্ৰিম বানপানীৰ কবলত পৰি জলমগ্ন হৈ থকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 


বিগত সময়চোৱাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত এই কাৰ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰিছে। চৌহদটোৰ পৰা পানী ওলাই যোৱাৰ কোনো সুবিধা নাই।

ইফালে, এই কাৰ্যালয়ৰ চৌহদত আছে বিভাগীয় কেবাটাও চৰকাৰী আবাস। কাৰ্যালয়টোৰ চৌহদত এনেদৰে পানী জমা হৈ থকাত কাৰ্যালয়লৈ কৰ্মচাৰী অহা যোৱা কৰাত সমস্যাৰ সৃষ্টি হৈছে। আবাসগৃহৰ আবাসী সকলো সমস্যাৰ সন্মুখীন হৈছে। কাৰ্যালয়টোৰ এক সূত্ৰই জনোৱা মতে এই কাৰ্যালয়টোৰ অধীনত ছটা সংমণ্ডল কাৰ্যালয় আছে। মুল কাৰ্যালয়ৰ চৌহদ জলমগ্ন হৈ থকাত কাৰ্যালয়টোৰ কাম কাজত স্থবিৰতা আহি পৰিছে।

সূত্ৰটোৱে জনোৱা মতে,  ১২ বছৰ ধৰি এই কাৰ্যালয়ৰ চৌহদ জুলাই,আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মাহলৈকে জলমগ্ন হৈ আহিছে। কেতিয়াবা তিনিফুট পৰ্যন্ত পানী হয়। কাৰ্যালয়ৰ ৰূমটো পানী হয় বুলি জানিব পৰা গৈছে। যাৰবাবে নগাঁৱৰ সচেতন ৰাইজ আৰু দল,সংগঠনে কাৰ্যালয়টোৰ চৌহদত বছৰৰ পিছত বছৰ ধৰি হৈ থকা কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ লগতে কাৰ্যালয়ৰ প্ৰিণ্ট ওখকৈ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

Post a Comment

Previous Post Next Post