ধুবুৰী চহৰত এগৰাকী মহিলাক ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্লেকমেইলিং কৰি ধন লুটি নিয়াৰ অভিযোগত এটা গেঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ অভিযোগ অনুসৰি, অভিযুক্তসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মহিলাগৰাকীৰ অশ্লীল ছবি প্ৰস্তুত কৰি সেই ছবি দেখুৱাই ব্লেকমেইলিং কৰিছিল।
জানিব পৰা মতে, এই ঘটনাত ৰণী কুণ্ড, অৰুণ চৌধুৰী আৰু সন্তোষ চৌধুৰী নামৰ তিনিজন যুৱকক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, অভিযুক্তসকলে ফেচবুকত ‘Vishal Roy’ নামৰ এটা ভুৱা একাউণ্ট খুলি মহিলাগৰাকীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ ছবি সংগ্ৰহ কৰি AIৰ সহায়ত সেই ছবিসমূহ অশ্লীল ৰূপ দি প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে।
ইয়াৰ পিছতে উক্ত অশ্লীল ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দি মহিলাগৰাকীক ব্লেকমেইলিং কৰা হৈছিল। ভয়-ভাবুকিৰে মহিলাগৰাকীৰ পৰা প্ৰায় ২ লাখ টকা লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনা সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পিছতে ধুবুৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ধুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
