প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত কিৰ্গিজস্তানৰ ৰাজধানী বিস্কেকতত অনুষ্ঠিত হ’বলগীয়া SCOৰ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
এই বৈঠকত ভাৰত-ৰাছিয়া সম্পৰ্কৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। মোদী-পুটিন বৈঠকত ভাৰত-ৰাছিয়াৰ মাজৰ বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাই বিশেষ গুৰুত্ব লাভ কৰিব। শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিছিল। সেই সময়ত পুটিনে ভাৰতৰ কৃষিখণ্ডৰ প্ৰয়োজন অনুসৰি ৰাছিয়াৰ পৰা সাৰৰ যোগান বৃদ্ধি কৰাৰ প্ৰস্তুতিৰ কথাও প্ৰকাশ কৰিছিল।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ চাৰিদিনীয়া মধ্য এছিয়া ভ্ৰমণ ২৯ আগষ্টৰ পৰা আৰম্ভ হ’ব। প্ৰথমে তেওঁ ২৯ আৰু ৩০ আগষ্টত উজবেকিস্তান ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি শাভকত মিৰ্জিয়োয়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, ডিজিটেল সংযোগ, শক্তি আৰু শিক্ষা ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা পৰ্যালোচনা কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত মোডীয়ে কিৰ্গিজস্তানলৈ গৈ এছচিঅ’ৰ ২৬সংখ্যক শীৰ্ষ সন্মিলনত অংশ ল’ব।
