ধুবুৰী জিলাৰ শিক্ষা খণ্ডত চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষাৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। জিলাখনৰ ঐতিহ্যমণ্ডিত গৌৰীপুৰ চহৰৰ বেপাৰীপট্টি সমীপত অৱস্থিত ‘বিদ্যামন্দিৰ’ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ বিৰুদ্ধে এই গুৰুতৰ অনিয়মৰ অভিযোগ তুলিছে স্থানীয় সচেতন ৰাইজে।
প্ৰাপ্ত তথ্য অনুসৰি, ২০১৬ চনত দক্ষিণ শালমাৰাৰ নিবাসী তথা গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন প্ৰৱক্তা এম আৰ জোদ্দাৰে স্থাপন কৰা এই বিদ্যালয়খনত বৰ্তমান নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে ৮০০ তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। অবসৰৰ পিছত জোদ্দাৰে বিদ্যালয়খনৰ পেট্ৰ’ন হিচাপে দায়িত্ব পালন কৰি আছে যদিও তেওঁৰ পৰিচালনাত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিঘ্নিত হোৱাৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, বিদ্যালয়খনত এইবেলি নৱম শ্ৰেণীত ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত হৈ আছে। কিন্তু আচৰিত ধৰণে, এই ছাত্ৰ-ছাত্ৰীসকলৰ বোৰ্ডৰ পঞ্জীয়ন নিজ বিদ্যালয়ৰ নামত নকৰি ধুবুৰীৰ বেলেগ দুখন বিদ্যালয়ৰ বেনাৰত কৰোৱা হৈছে। ইয়াৰে ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সাপটগ্ৰামৰ ‘ছাউথ পয়েণ্ট স্কুল’ৰ নামত আৰু বাকী ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ‘নৰ্থ ইষ্ট গ্ল’বেল স্কুল’ৰ নামত নৱম শ্ৰেণীৰ বোৰ্ড পঞ্জীয়ন কৰোৱা হৈছে।
বিদ্যালয়খনত নৱম আৰু দশম শ্ৰেণীৰ নিয়মিত পাঠদান চলি থকা সত্ত্বেও পেট্ৰ’ন এম আৰ জোদ্দাৰে এই অনিয়ম ঢাকিবলৈ এক আচৰিত যুক্তি আগবঢ়াইছে। তেওঁৰ মতে, বিদ্যালয়খনত কেৱল নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণীলৈকেহে আনুষ্ঠানিক পাঠদান কৰা হয় আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল ‘কোচিং’হে প্ৰদান কৰা হয়। ইফালে, বিদ্যামন্দিৰ স্কুলখনত চিবিএছই (CBSE) মাধ্যমৰ পাঠ্যক্ৰম অনুসৰি পাঠদান চলাই থকা হৈছে যদিও আৱশ্যকীয় খেলপথাৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ অভাৱৰ বাবে বিদ্যালয়খনে এতিয়ালৈকে চিবিএছইৰ পৰা কোনো আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাই। অনুমোদন নোহোৱাকৈয়ে অবৈধভাৱে এই পাঠ্যক্ৰম চলোৱাক লৈয়ো পোহৰলৈ আহিছে চৰম বিভ্ৰান্তি।
আনহাতে, শিক্ষাৰ নামত এনেদৰে ভুৱা পঞ্জীয়ন আৰু বাণিজ্যিকীকৰণ চলোৱা কাৰ্যক লৈ গৌৰীপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠা এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰচ’ৰাৰ বেহা উন্মোচন কৰিবলৈ জিলা আয়ুক্ত আৰু শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক এক উজু তথা নিৰপেক্ষ তদন্ত চলোৱাৰ দাবী জনাইছে গৌৰীপুৰৰ সচেতন ৰাইজে।
