ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য। এইবাৰ সামাজিক মাধ্যমক ঢাল হিচাপে ব্যৱহাৰ কৰি চাইবাৰ অপৰাধী চক্ৰই লক্ষ্য কৰি লৈছে গাঁও অঞ্চলৰ সহজ-সৰল মহিলাসকলক। "ঘৰত বহি উপাৰ্জন কৰক টকা" ফেচবুকত দিয়া এনে এক লোভনীয় বিজ্ঞাপনৰ ফান্দত পৰি হাজোৰ হিমানী মালাকৰ নামৰ এগৰাকী বোৱাৰীৰ লগতে একেখন গাঁৱৰে আন পাঁচগৰাকী মহিলাই হেৰুৱাবলগীয়া হৈছে নিজৰ কষ্টোপাৰ্জিত ধন।
সামাজিক মাধ্যমত প্ৰচাৰিত বিজ্ঞাপনত প্ৰথমে কম ধনৰ বিনিময়ত কামত যোগদান কৰোৱাই চাইবাৰ চক্ৰটোৱে প্ৰতিদিনে ৩০ টাকৈ মোবাইল এপ চালে ৩০০ টকা লাভ কৰিব বুলি চৰ্ত বান্ধি দিছিল। এই উপাৰ্জনৰ প্ৰলোভনত পৰি হিমানী মালাকৰে প্ৰথমে কিছু ধন বিনিয়োগ কৰে। কিন্তু পাছলৈ ক্ৰমান্বয়ে অধিক লাভৰ আশা দেখুৱাই চক্ৰটোৱে তেওঁৰ পৰা বৃহৎ পৰিমাণৰ ধন সৰকাই লয়। একেদৰে একেখন গাঁৱৰে আন পাঁচগৰাকী মহিলেও এই প্ৰৱঞ্চক চক্ৰটোৰ কৱলত পৰি নিজৰ গাঁঠিৰ ধন হেৰুৱাবলগীয়া হয়।
নিজৰ সৰ্বস্ব হেৰুৱাই এতিয়া বিমোৰত পৰা ভুক্তভোগী হিমানী মালাকৰে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে সজাগ হ’বলৈ আহ্বান জনাইছে। গাঁও অঞ্চলৰ কোনো মহিলাই যাতে সামাজিক মাধ্যমৰ এনে ভুৱা বিজ্ঞাপন আৰু লোভনীয় অফাৰৰ ফান্দত পৰি নিজৰ কষ্টৰ ধন নষ্ট নকৰে, তাৰ বাবে তেওঁ বিশেষভাৱে অনুৰোধ জনায়।
