ছয়দুৱাৰৰ মিছামাৰী গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি...



 গহপুৰ সমজিলাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মিছামাৰী গাঁও পঞ্চায়তত পঞ্চায়তৰ কাম-কাজ আৰু দোকান গৃহ আবণ্টনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। পঞ্চায়ত সভাপতি দেৱ কান্ত শৰ্মাৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতা, মইমতালি আৰু পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশ যুৱকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অভিযোগ অনুসৰি, পঞ্চায়তৰ অধীনত থকা দোকান গৃহসমূহ আবণ্টনৰ ক্ষেত্ৰত স্থানীয় যুৱ ব্যৱসায়ীসকলক অগ্ৰাধিকাৰ নিদি পঞ্চায়ত এলেকাৰ বাহিৰৰ লোকক দোকান গৃহ আবণ্টন দিয়াৰ ঘটনাই ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় যুৱকসকলৰ অভিযোগ—নিজৰ অঞ্চলত ব্যৱসায় কৰি জীৱিকা নিৰ্বাহৰ সুযোগ বিচৰা বহু যুৱকক বঞ্চিত কৰি দূৰণিৰ লোকক দোকান গৃহ দিয়াৰ আঁৰত স্বচ্ছতাৰ অভাৱ আছে।

এই বিষয়টোক কেন্দ্ৰ কৰিয়েই কালি পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰত একাংশ প্ৰতিবাদী যুৱক আৰু পঞ্চায়ত কৰ্তৃপক্ষৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদী যুৱকসকলে পঞ্চায়ত সভাপতিৰ ওচৰত দোকান গৃহ আবণ্টনৰ প্ৰক্ৰিয়া, যোগ্যতা নিৰ্ধাৰণ আৰু আবণ্টনৰ ভিত্তি সম্পৰ্কে জবাবদিহি  কৰে।

স্থানীয় একাংশ লোকৰ অভিযোগ, পঞ্চায়তৰ দোকান গৃহৰ ভাড়া আৰু অন্যান্য ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো পৰ্যাপ্ত স্বচ্ছতা ৰক্ষা কৰা হোৱা নাই। সংগৃহীত ৰাজহৰ হিচাপ-নিকাচ ৰাজহুৱা কৰা, আবণ্টনৰ তালিকা প্ৰকাশ কৰা আৰু পঞ্চায়তৰ সভাত সিদ্ধান্ত গ্ৰহণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

ইয়াৰ উপৰিও, একাংশ নিৰ্দিষ্ট ব্যৱসায়ীক অতিৰিক্ত কোঠালি নিৰ্মাণৰ অনুমতি দিয়াৰ অভিযোগো উত্থাপন হৈছে। অভিযোগকাৰীসকলৰ দাবী—এই অনুমতি পঞ্চায়তৰ সংশ্লিষ্ট সদস্য, পঞ্চায়ত সমিতি, গাঁও সভা তথা স্থানীয় ৰাইজৰ জ্ঞাতসাৰে আৰু নিয়মৰ মাজেৰে দিয়া হৈছিল নে নাই, সেই বিষয়টো তদন্তৰ আওতালৈ অনা উচিত।

কেৱল দোকান গৃহ আবণ্টনেই নহয়, পঞ্চায়ত এলেকাত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনি, বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু এমজিএনৰেগাৰ কাম-কাজতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা নিৰপেক্ষ তদন্তৰ পাছতহে নিশ্চিত হ'ব।

প্ৰতিবাদী যুৱকসকলৰ অভিযোগ, পঞ্চায়তৰ দৰে তৃণমূল পৰ্যায়ৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাইজৰ মতামত, গাঁও সভাৰ ভূমিকা আৰু নিৰ্ধাৰিত নীতি-নিয়মক গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। তেওঁলোকৰ অভিযোগ অনুসৰি, এই ক্ষেত্ৰত স্বচ্ছতা আৰু উপযুক্ত নিয়মৰ অভাৱৰ ফলত পঞ্চায়তখনত দিনকদিনে অসন্তুষ্টি বৃদ্ধি হৈছে।

অভিযোগসমূহৰ সত্যতা নিৰূপণৰ বাবে সংশ্লিষ্ট উন্নয়ন খণ্ডৰ বিষয়াই বিষয়টো পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ প্ৰশ্ন এতিয়া এটাই—পঞ্চায়তৰ দোকান গৃহ কাৰ স্বাৰ্থত, কেনেদৰে আৰু কোন নীতিৰ আধাৰত আবণ্টন দিয়া হ'ল? লগতে চৰকাৰী আঁচনিৰ কাম-কাজ আৰু পঞ্চায়তৰ ৰাজহ সংগ্ৰহৰ সম্পূৰ্ণ হিচাপ ৰাইজৰ সন্মুখত প্ৰকাশ কৰা হ'বনে?

মিছামাৰী গাঁও পঞ্চায়তক লৈ উদ্ভৱ হোৱা এই অভিযোগ আৰু প্ৰতিবাদে এতিয়া পঞ্চায়ত প্ৰশাসনৰ স্বচ্ছতা, জবাবদিহিতা আৰু নিয়ম-নীতি মানি চলাৰ ওপৰতেই ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

Post a Comment

Previous Post Next Post