শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা। এজন স্থানীয় মাছমৰীয়াক সীমান্তৰ no-man’s land এলেকাৰ পৰা বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে লৈ আটক কৰাৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হৈছে।
গোবিন্দপুৰ গাঁৱৰ বাসিন্দা ভলাই নমঃশূদ্ৰ ২৭ আগষ্ট, ২০২৬ৰ পুৱা সীমান্তৰ ওচৰত মাছ ধৰিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলৰ মতে, গোবিন্দপুৰ ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত।
কিন্তু পৰম্পৰাগতভাৱে মাছ ধৰিবলৈ মাছমৰীয়াসকলে কাইটিয়া তাঁৰৰ বেৰ পাৰ হৈ সেই অঞ্চললৈ যাবলগীয়া হয়।
অভিযোগ অনুসৰি, মাছমৰীয়াজন no-man’s land এলেকাত থকা সময়তে বাংলাদেশ সুৰক্ষা বাহিনীৰ জোৱানসকলে তেওঁক আটক কৰি লৈ যোৱাৰ সন্দেহ কৰা হৈছে।
