তামাৰহাটত বজ্ৰপাতৰ ঘটনাঃ একেটা পৰিয়ালৰ ছজন লোক গুৰুতৰভাৱে আহত



 ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱত নিশা বজ্ৰ পৰি একেটা পৰিয়ালৰ ছগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়।

 উল্লেখ্য যে, যোৱা নিশা বিজুলী-ঢেৰেকণীৰে হোৱা এজাক বৰষুণৰ সময়তে তামাৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ বাসিন্দা মহিৰণ বেওৱাৰ ঘৰত প্ৰচণ্ড শব্দৰে বজ্ৰপাত সংঘটিত হয়। উক্ত বজ্ৰপাতৰ ফলত পৰিয়ালটোৰ মহিৰণ বেওৱা, ৰোজিনা খাতুন, ছানিদুল শ্বেখ, মনোৱাৰা বিবি, মোন্নাফ শ্বেখ আৰু গুলভান বিবি নামৰ ছগৰাকী লোক গুৰুতৰ ভাবে আহত হয়।

উক্ত ঘটনাৰ ফলত গাঁও খনত এক হুৱা-দুৱাৰ সৃষ্টি হয়। পিছত স্থানীয় ৰাইজে আহত লোক সকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। ইয়াৰ ভিতৰত ৰোজিনা খাতুন গৰ্ভৱতী বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post