কৰ্ণাটকত ভয়ংকৰ ভূমিস্খলন



 কৰ্ণাটকৰ শিৱমোগা জিলাৰ তীৰ্থহাল্লীৰ ইন্দিৰা নগৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ধাৰাবাহিকভাৱে হৈ থকা মূষলধাৰ বৰষুণৰ ফলত হঠাৎ ভূমিস্খলন সংঘটিত হয়। এই ভূমিস্খলনত এটি ৩ বছৰীয়া শিশুসহ এটা পৰিয়ালৰ ৩ গৰাকী সদস্যৰ মৃত্যু ঘটে।  

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে  এই ঘটনাটো সংঘটিত হয়। নিমিষতে মাটি আৰু ধ্বংসাৱশেষৰ তলত সম্পূৰ্ণৰূপে পোত যায় পৰিয়ালটো।  মৃত লোককেইগৰাকীক মল্লিকাৰ্জুন ,তেওঁৰ পত্নী নাগৱেনী আৰু তেওঁলোকৰ ৩ বছৰীয়া পুত্ৰ সন্তোষ বুলি চিনাক্ত কৰা হৈছে। ওচৰৰে আন এটা অস্থায়ী গৃহত থকা আন এজন শ্ৰমিকো এই ঘটনাত গুৰুতৰভাৱে আহত হয়। জৰুৰীভাৱে তেওঁক উদ্ধাৰ কৰি তীৰ্থহাল্লীৰ জয়চামৰাজেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয়। ধাৰাবাহিক বতাহ-বৰষুণৰ মাজতো উদ্ধাৰকাৰী দলে বহু ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত মাটিৰ তলৰ পৰা তিনিওটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে কৰ্ণাটকৰ উপকূলীয় আৰু মালনাড অঞ্চলত অব্যাহত থকা বৰষুণৰ বাবে ভূমিস্খলন আৰু বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে একাধিক জিলাত অতিৰিক্ত সতৰ্কতা জাৰি কৰিছে।

Post a Comment

Previous Post Next Post