কালভাৰ্টৰ তলত উদ্ধাৰ মৃতদেহ...


  

ৰঙিয়াৰ খৈৰাবাৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। অঞ্চলটোৰ এটা কালভাৰ্টৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্ৰ  অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে উদ্ধাৰ হোৱা মৃত লোকজনক প্ৰাক্তন সেনা জোৱান অশ্বিনী কলিতা বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজে খৈৰাবাৰী অঞ্চলৰ কালভাৰ্টটোৰ তলত প্ৰথমতে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে। কালভাৰ্টৰ তলত কি পৰিস্থিতিত লোকজনৰ মৃত্যু হ’ল, সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। 

ইপিনে খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্বসহকাৰে লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ৰিপ’ৰ্ট অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

Post a Comment

Previous Post Next Post