মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি অসমীয়া জনসাধাৰণৰ স্বাভিমান কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৫ জুলাইত তেওঁক কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, যোৱা প্ৰায় এক সপ্তাহ ধৰি তেওঁ জ্বৰত আক্ৰান্ত হৈ আছিল। চিকিৎসালয়ৰ চিকিৎসকে জনোৱা অনুসৰি, জ্যেষ্ঠ সত্ৰাধিকাৰগৰাকী বৰ্তমান জণ্ডিচ ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ লগতে তেওঁৰ শৰীৰত হিমগ্ল’বিনৰ মাত্ৰাও হ্ৰাস পাইছে। সম্প্ৰতি সমন্বয় ৰক্ষী সমিতিৰ সম্পাদক ডাঃ কেশৱ চন্দ্ৰ দাসৰ বিশেষ তৎপৰতাত সত্ৰৰ ভকতসকলে চিকিৎসালয়ত উপস্থিত থাকি সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ যাৱতীয় দিশসমূহ চোৱাচিতা কৰি আছে।
ইফালে, সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ এই অসুস্থতাৰ খবৰে বৈষ্ণৱ প্ৰাণ ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি কৰিছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষী সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ আৰু সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে শ্ৰদ্ধেয় সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰি ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছে।
ইপিনে,সমন্বয় ৰক্ষী সমিতিৰ বিষয়ববীয়াসকলে গুৰুতৰভাৱে অসুস্থ সত্ৰাধিকাৰগৰাকীৰ উন্নত চিকিৎসাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।
