মধ্য প্ৰাচ্যৰ পৰিস্থিতি পুনৰ ভয়াৱহ হৈ পৰিছে। ইটোৰ পাছত সিটো আক্ৰমণ কৰিছে। হৰমুজ প্ৰণালী আৰু ইয়াৰ আশে-পাশে থকা ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিক লক্ষ্য কৰি আমেৰিকান সেনাই আক্ৰমণ কৰে।আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মতে, পূৰ্বে কৰা আক্ৰমণৰ তুলনাত বহু বেছি শক্তিশালী আছিল এই আক্ৰমণ।
ইৰাণেও আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত আমেৰিকাৰ যুদ্ধজাহাজলৈ মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলাইছে। ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই। বিশেষকৈ ইৰাণৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থা, উপকূলীয় ৰাডাৰ প্ৰণালী, জাহাজ-বিধ্বংসী মিছাইল ঘাটি আৰু ইৰাণৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছৰ ৬০তাতকৈও অধিক সৰু যুদ্ধজাহাজক আক্ৰমণৰ জৰিয়তে ধ্বংস কৰে।
উল্লেখ্য যে, আমেৰিকাই দাবী কৰিছে যে-এই পদক্ষেপ কেৱল প্ৰতিশোধমূলক নহয়, বৰঞ্চ ইৰাণক এক কঠোৰ বাৰ্তা দিয়াৰ উদ্দেশ্যে কৰা হৈছে। হৰমুজ প্ৰণালীৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাত যাত্ৰা কৰা বাণিজ্যিক জাহাজ আৰু তেলবাহী টেংকাৰসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই ব্যৱস্থা লোৱা হৈছে। শেহতীয়াকৈ ৩খনকৈ বাণিজ্যিক জাহাজৰ ওপৰত ইৰাণৰ আক্ৰমণৰ পাছতে আমেৰিকাই এই সিদ্ধান্ত লয়। ইয়াৰ সমান্তৰালকৈ আমেৰিকাই ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় তেল বিক্ৰীৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছে, যাৰ ফলত বিশ্ববজাৰত তেলৰ মূল্য হঠাতে বৃদ্ধি পাইছে।
আনফালে, আমেৰিকান চেন্ট্ৰেল কমাণ্ডৰ মতে, মঙলবাৰে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা তিনিখন বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত এই সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমেৰিকাই সতৰ্ক কৰি দিছে যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যক লক্ষ্য কৰি লোৱাৰ যিকোনো প্ৰচেষ্টাই গধুৰ মূল্য ভৰিব লাগিব।
