সোণম ৱাংচুকে অব্যাহত ৰাখিব আমৰণ অনশন। সোমবাৰে হাস্পতালৰ বিচনাৰ পৰাই এই কথা ঘোষণা কৰিছে ৱাংচুকে।
উল্লেখ্য যে, সোমবাৰে বিয়লি ভাগত সোণম ৱাংচুকে অনশন ভংগ কৰিছে বুলি একাংশ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছিল। সন্দেহ ব্যক্ত কৰা হৈছে যে, চৰকাৰ-প্ৰশাসন তথা হাস্পতালৰ তৰফৰ পৰাই এই খবৰ বিয়পাই দিয়া হৈছিল। কিন্তু দুপৰীয়া ভাগত এক্স হেণ্ডেলত ৱাংছুকে দিয়া এক স্পষ্টীকৰণক লৈ বিষয়টো পুনৰ অন্যফালে গতি কৰিছে।
ইফালে, 'চলো সংসদ' কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি উল্লেখ কৰে যে, যেতিয়ালৈকে যুৱ নেতৃত্বক সাংসদসকলৰ সৈতে সাক্ষাৎ কৰাৰ অনুমতি দিয়া নহয় অথবা তেওঁক ছফদৰজং চিকিৎসালয়ত সাংসদসকলক সাক্ষাৎ কৰাৰ সুযোগ দিয়া নহয়, তেতিয়ালৈকে তেওঁ অনশন অব্যাহত ৰাখিব।
ছফদৰজং চিকিৎসালয়ৰ পৰা প্ৰকাশ কৰা এখন হাতে লিখা চিঠিত ৱাংচুকে সদৰী কৰে যে, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা যুৱক-যুৱতীসকলৰ সৈতে কৰা ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে, "মই চৰকাৰ আৰু আৰক্ষীক অনুৰোধ জনাইছোঁ, শিক্ষাৰ্থীসকলক আজি বা কাইলৈ সংসদৰ সন্মুখত নিজৰ অভিযোগসমূহ উপস্থাপন কৰাৰ সুযোগ দি এই সমস্যাৰ সমাধান কৰক। মোৰ বিশ্বাস, আজি যেনেকৈ যুৱ প্ৰতিবাদকাৰীসকলে ধৈৰ্য আৰু সংযম বজাই ৰাখিছে, কাইলৈও তেওঁলোকে একেই ধৈৰ্য আৰু সহনশীলতা প্ৰদৰ্শন কৰিব।”
