যন্তৰ-মন্তৰৰ কাষৰীয়া সকলো অঞ্চলত বন্ধ ইন্টাৰনেট...

 


NEET-UG পৰীক্ষাৰ খেলিমেলি আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত হোৱা  ' সংসদ চলো'  আন্দোলনক কেন্দ্ৰ কৰি মধ্য দিল্লীৰ কেইবাটাও অঞ্চলত ম’বাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। 'ককৰোচ জনতা পাৰ্টী' (CJP) আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্বত হাজাৰ হাজাৰ ছাত্ৰ-যুৱক ৰাজপথলৈ ওলাই অহাৰ পিছতে চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

উল্লেখ্য় যে,  সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই ছাত্ৰ-ছাত্ৰীসকলে সংসদ ভৱন অভিমুখে সমদল উলিওৱাৰ সময়তে হঠাতে যন্তৰ-মন্তৰ, সংসদ মাৰ্গ আৰু ইয়াৰ আশে-পাশে থকা কেন্দ্ৰীয় দিল্লীৰ বহু অংশত ম’বাইল ডাটা (Mobile Data) সেৱা বন্ধ হৈ পৰে।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আৰু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে লাভ কৰা চৰকাৰী জাননী অনুসৰি, "চৰকাৰী নিৰ্দেশনাৰ বাবে এই অঞ্চলসমূহত সাময়িকভাৱে ইন্টাৰনেট কৰ্তন কৰা হৈছে।  ইন্টাৰনেট কৰ্তনৰ পিছতে ককৰোচ জনতা পাৰ্টীয়ে তেওঁলোকৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তেওঁলোকে কয় যে প্ৰতিবাদথলীৰ পৰা যাতে কোনো ধৰণৰ লাইভ আপডেট বা তথ্য সমগ্ৰ দেশৰ ৰাইজৰ ওচৰলৈ যাব নোৱাৰে, তাৰ বাবেই প্ৰশাসনে এই কাপুৰুষালিপূৰ্ণ পদক্ষেপ লৈছে। চিজেপিয়ে কয়- "আপোনালোকে ইন্টাৰনেট বন্ধ কৰিব পাৰে, কিন্তু দিল্লীত কি চলিছে তাক সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিবলৈ ওলাই অহা হেজাৰ হেজাৰ প্ৰতিবাদকাৰীৰ চকু আৰু কাণ আপোনালোকে বন্ধ কৰিব নোৱাৰে।"

দিল্লীৰ এই ইন্টাৰনেট কৰ্তনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে 'ইন্টাৰনেট ফ্ৰীডম ফাউণ্ডেশ্যন' (IFF)-এ। ফাউণ্ডেশ্যনে অভিযোগ কৰিছে যে চৰকাৰে কোনো ধৰণৰ চৰকাৰী নিলম্বনৰ নিৰ্দেশনামা (Suspension Order) ৰাজহুৱা নকৰাকৈয়ে এইদৰে বেআইনীভাৱে ইন্টাৰনেট বন্ধ কৰি দিছে।

ছাত্ৰ-ছাত্ৰীসকলক বলপূৰ্বকভাৱে প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই পঠিয়াবলৈ আৰু তেওঁলোকৰ গণতান্ত্ৰিক কণ্ঠ ৰুদ্ধ কৰিবলৈ এইদৰে ডিজিটেল ব্লেকআউট কৰা হৈছে বুলি আইএফএফ-এ দাবী কৰে আৰু অনতিবিলম্বে ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ চৰকাৰক আহ্বান জনায়।

প্ৰশাসনৰ মতে, আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু কোনো ধৰণৰ উৰাবাতৰি বিয়পি পৰাত বাধা দিবলৈ এইয়া এক 'সাৱধানতামূলক পদক্ষেপ' আছিল। 

Post a Comment

Previous Post Next Post