নগাঁৱত ভূ-মাফিয়াৰ দপদপনিঃ খিলঞ্জীয়াৰ ভূমি মিঞাই দখল কৰাৰ অভিযোগ


 

নগাঁৱৰ কাছমাৰী মৌজাত অব্যাহত আছে ভূ-মাফিয়াৰ দপদপনি। একাংশ সংখ্যালঘু লোকে খিলঞ্জীয়াৰ ভূমি বেদখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। ভূ-মাফিয়া জনৈক আপতাৰ হুছেইনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বালিগাঁৱৰ দেৱজিৎ লস্কৰ নামৰ এগৰাকী যুৱকে । 

অভিযোগ অনুসৰি, দক্ষিণপাট অঞ্চলৰ বালিগাঁৱৰ দেৱজিৎ লস্কৰ নামৰ যুৱক গৰাকীয়ে কাছমাৰী মৌজাৰ টকৌবাৰী কিছামতৰ ৫ নং পট্টাৰ ৮৪ বিঘা ভূমিৰ পৰা ক্ৰয় কৰিছিল ১৬ বিঘা ভূমি । নগাঁৱৰ কাতিমাৰীৰ আপতাৰ হুছেইন নামৰ লোকজনে মাটিখিনি নিজৰ বুলি কৈ জালিয়াতিৰে হিন্দু যুৱক গৰাকীক বিক্ৰী কৰিছিল এই ভূমিখণ্ড। যাৰ বিনিময়ত দেৱজিৎ লস্কৰৰ পৰা আগধন আদায় লৈছিল ৫ লাখ টকা।

 কিন্তু এই মাটিৰ প্ৰকৃত গৰাকী আছিল অংশুমণি হাজৰিকা আৰু চাৰু হাজৰিকাৰ পৰিয়ালৰহে। খিলঞ্জীয়াৰ এই ভূমিখণ্ডকে চতুৰ ভূ-মাফিয়া আপতাৰ হুছেইনে নিজৰ বুলি কৈ বিক্ৰী কৰিছিল দেৱজিৎ লস্কৰক। ইতিমধ্যে এই কথা জানিব পাৰি মাটিৰ প্ৰকৃত গৰাকীয়ে নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিছিল লিখিত অভিযোগ।

পিছে, ইয়াতে ক্ষান্ত নাথাকি ভূ-মাফিয়াৰ চক্ৰটোৱে লগত গুণ্ডাবাহিনী লৈ ওলোটাইহে দেৱজিৎ লস্কৰ আৰু তেওঁৰ সহযোগী একাংশক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যাৰবাবে এতিয়া ন্যায় বিচাৰি ভুক্তভোগী দেৱজিৎ লস্কৰে নগাঁও আৰক্ষীক দাখিল কৰিছে লিখিত অভিযোগ। 

Post a Comment

Previous Post Next Post