দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে ১২টাকৈ বছৰ সম্পূৰ্ণ কৰাৰ বাব এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনাৰে গছপুলি ৰোপণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বুধবাৰে বিয়লি বিধায়কগৰাকীয়ে জামুগুৰি পৌৰসভা এলেকাৰ জামুগুৰি ব্যৱসায়িক কেন্দ্ৰত শতাধিক গছপুলি ৰোপন কৰে ৷
গছপুলি ৰোপন কৰি বিধায়কগৰাকীয়ে “ক্লীন জামুগুৰি, গ্ৰীণ জামুগুৰি” কৰাৰ লক্ষ্যৰ লগতে সমগ্ৰ নদুৱাৰ সমষ্টিটোত বৰ্তমানলৈকে এক লাখৰো অধিক গছপুলি ৰোপন কৰা হৈছে বুলিও মন্তব্য কৰে ৷ গছপুলি ৰোপন কাৰ্যসূচীত বিধায়কগৰাকীক সংগ দিয়ে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্তকে ধৰি পৌৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনৰ বিষয়ববীয়াসকলে ৷
